অসম

assam

ETV Bharat / state

এগৰাকী অকলশৰীয়া বৃদ্ধৰ জন্মদিন উদযাপন আৰক্ষীৰ - নগাঁও আৰক্ষীৰ মহানুভৱতা

লক্ ডাউনৰ মাজতে নগাঁও আৰক্ষীয়ে উদযাপন কৰিলে এগৰাকী বৃদ্ধৰ জন্মদিন ৷ লক্ ডাউনৰ বাবে দিল্লীত আৱদ্ধ হৈ আছে একমাত্ৰ পুত্ৰ ৷ এই জটিল সময়ত লক্ ডাউনৰ বাবে তেওঁৰ কাষত নাই পৰিয়ালৰ এজনো ব্যক্তি ৷ সোমবাৰে অকলশৰীয়া বৃদ্ধজনৰ কাষত থিয় হ'ল নগাঁও আৰক্ষী ৷ উদযাপন কৰিলে জন্মদিন ৷

nagaon police knocked the door of shri K.P agarwal to wish him on his 78th birthday
লক্ ডাউনে অকলশৰীয়া কৰা এগৰাকী বৃদ্ধৰ জন্মদিন উদযাপন অৰক্ষীৰ

By

Published : May 5, 2020, 10:35 AM IST

Updated : May 5, 2020, 11:50 AM IST

নগাঁও,5 মে'ঃলক্ ডাউনৰ মাজতে নগাঁও আৰক্ষীয়ে উদযাপন কৰিলে এগৰাকী অকলশৰীয়া বৃদ্ধৰ জন্মদিন ৷ দেশত চলি থকা লক্ ডাউনৰ বাবে নগাঁৱৰ হয়বৰগাঁও কে পি আগৰৱাল নামৰ বৃদ্ধ লোকজনৰ একমাত্ৰ পুত্ৰ দিল্লীত আৱদ্ধ হৈ আছে ৷ সেয়ে সোমবাৰে বৃদ্ধ গৰাকীৰ 78 সংখ্যক জন্মদিন উপলক্ষে বৃদ্ধ জনৰ কাষত থিয় হ'ল নগাঁও আৰক্ষী ৷ অকলশৰীয়া বৃদ্ধ গৰাকীৰ ঘৰৰ প্ৰৱেশ দ্বাৰৰ সমুখত ৰৈ এক ব্যতিক্ৰম ধৰণে জন্মদিনৰ শুভকামনা জনালে নগাঁও আৰক্ষীয়ে ৷

লক্ ডাউনে অকলশৰীয়া কৰা এগৰাকী বৃদ্ধৰ জন্মদিন উদযাপন অৰক্ষীৰ

আৰক্ষীৰ এনে মহানুভৱতা দেখি আৱেগিক হৈ পৰে অকলশৰীয়া বৃদ্ধ গৰাকী ৷ আৰক্ষীসকলৰ এনে মৰম কেতিয়াও নাপাহৰে বুলি ব্যক্ত কৰে বৃদ্ধ গৰাকীয়ে ৷

Last Updated : May 5, 2020, 11:50 AM IST

ABOUT THE AUTHOR

...view details