নগাঁও, 22 ফেব্ৰুৱাৰী: ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখা নগাঁও আৰক্ষীয়ে সোমবাৰে লাভ কৰিলে আন এক বৃহৎ সফলতা (Success of Nagaon Police) । সোমবাৰে সন্ধিয়া পৰ্য্যন্ত পৃথকে পৃথকে চলোৱা অভিযানত ৯ জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী । অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই নেতৃত্ব দিয়া নগাঁও আৰক্ষীয়ে বিগত কেইদিনত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান (Nagaon Police operation against drugs)।
এই অভিযানৰ অংশ হিচাপে সোমবাৰেও নগাঁৱৰ বিভিন্ন প্ৰান্তত চলিল নগাঁও আৰক্ষীৰ অভিযান । প্ৰথমেই নগাৱঁৰ চামগুৰি আৰক্ষীয়ে অভিযান চলাই এক বাকচ হেৰ'ইনসহ বাজিয়াগাঁৱৰ কামাল উদ্দিন নামৰ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ইপিনে জুৰীয়া আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা অভিযানত ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে চোৰাংকৈ সৰবৰাহ কৰা বহুকেইটা পশুধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Smuggled livestock recovered) । প্ৰথমে জুৰীয়াৰ দলনিজুৰীয়াত অভিযান চলাই হেৰ'ইনসহ নাচিৰউদ্দিন নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰিবলৈ সক্ষম হয় । জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আদিথ বড়োৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই জুৰীয়াৰ কালিয়ডিঙা অঞ্চলৰ পৰা চোৰাংকৈ সৰবৰাহ কৰা ২৬ টাকৈ গৰু উদ্ধাৰ কৰাৰ লগতে ৬জনকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।
ইপিনে ৰূপহীহাটৰ গড়াজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বি কে দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা পৃথক অভিযানত লাভ কৰে বৃহৎ সফলতা । গড়াজান আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় এটা দুধর্ষ ডকাইত । ৰূপহীহাটৰ এটা বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত ডকাইতিত জড়িত আতাউৰ ৰহমানক আটক কৰে গড়াজান আৰক্ষীয়ে । সোমবাৰে সন্ধিয়া গড়াজান আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চোৰাংকৈ সৰবৰাহ কৰা গৰুভৰ্তি এখন বাহনো জব্দ কৰিবলৈ সক্ষম হয় ।