নগাঁও, 26 জুলাই :মুখ্যমন্ত্ৰীৰ আসনতবহি ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীক অভিযান তীব্ৰতৰ কৰিবলৈ দিয়া নিৰ্দেশৰ পিচৰে পৰাই সৰ্বাধিক চৰ্চাত থকা জিলা হৈছে নগাঁও ৷ পূৰ্বৰ এছ পি আনন্দ মিশ্ৰৰ কাৰ্যকালত ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলিছিল জিলাখনত ৷ আৰক্ষীৰ গুলীত ঘূণীয়া হৈছিল বহু ড্ৰাগছ ব্যৱসায়ী ৷ বৰ্তমানেও অব্যাহত আছে নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী যুঁজখন ৷
নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰা নৱনীত মহন্তয়ো ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত চলাইছে ৷ তাৰ মাজতে নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰিলে আন এক সফলতা । মাত্ৰ কেইদিনমান পূৰ্বে একেলগে পাঁচ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কৰাৰ পিচত পুনৰ আঢ়ৈ কোটি টকাৰ নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী ।
মঙলবাৰে নিশা নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) সুপ্ৰতিভ লাল বৰুৱাৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে নগাঁও চহৰৰ ধিং গেইটৰ নবীন নগৰত অভিযান চলাই কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । নগাঁৱৰ ধিং গেইটৰ নবীন নগৰৰ আমিৰ হুছেইন নামৰ এজন লোকে দীৰ্ঘদিন ধৰি ঔষধৰ ব্যৱসায়ৰ নামত চলাই আহিছিল ড্ৰাগছৰ বৃহৎ বেহা । ঔষধ ব্যৱসায়ৰ নামত নগাঁও জিলাখনতে ড্ৰাগছৰ সাম্ৰাজ্য গঢ়ি তোলা আমিৰ হুছেইনৰ ড্ৰাগছৰ সাম্ৰাজ্যত পৰিল নগাঁও আৰক্ষীৰ হাতোৰা ৷