নগাঁও, ২ নৱেম্বৰ : ন্যায়িক যুঁজত সহায় কৰাৰ নামত ৰামঠগন । অধিবক্তাৰ বেশত নগাঁও আদালত চৌহদত প্ৰৱঞ্চকৰ টিঘিল ঘিলনী । অৱশেষত আচামীৰ জামিনৰ ব্যৱস্থা কৰাৰ বাবদ ধন দাবী কৰি নগাঁও আৰক্ষীৰ জালত পৰিল এটা প্ৰৱঞ্চক । দৰাচলতে, পৱিত্ৰ হাজৰিকা নামৰ এজন ভুৱা অধিবক্তাক লৈ সোমবাৰে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
POCSO আইনৰ অধীনত ৰুজু হোৱা এটা গোচৰত অভিযুক্ত এজন আচামীক জামিন লাভৰ ব্যৱস্থা কৰি দিয়াৰ বাবদ ৫০ হাজাৰ টকা দাবী কৰিছিল ভুৱা অধিবক্তা পৱিত্ৰ হাজৰিকাই । প্ৰকৃততে আচামীজনৰ অধিবক্তা আছিল দিব্য প্ৰসাদ বৰা নামৰ এজন অধিবক্তাহে । আচামীজনৰ গোচৰটো অধিবক্তা বৰাই চলাই থকাৰ মাজতে ভুৱা অধিবক্তা পৱিত্ৰ হাজৰিকাই জামিন কৰাই দিয়াৰ নামত যোৱা ৩০ অক্টোবৰৰ পৰা ৫০ হাজাৰ টকা দাবী কৰি আছিল ।