নগাঁও, 2 ডিচেম্বৰ : ৰাজ্যত 1 ডিচেম্বৰৰ পৰা হেলমেট পৰিধান কৰাতো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে (Wearing helmet is must from 1st december in Assam) ৷ এই ঘোষণাৰ পাচতেই একশ্যনত নামি পৰিছে ৰাজ্যৰ অন্য প্ৰান্তৰ আৰক্ষীৰ লগতে নগাঁও আৰক্ষী(Trafic rules violation in Nagaon) । হেলমেট পৰিধান নকৰাৰ ফলত দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷ যাৰ ফলস্বৰূপে নগাঁওত হেলমেট পৰিধান নকৰা বাইক চালকৰ বিৰুদ্ধে তীব্ৰ অভিযানত নামিল আৰক্ষী(Nagaon Police operation) ।
বুধবাৰৰ পৰা নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ(SP Anand Mishra)ৰ নেতৃত্বত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা(ASP Dhruba Bora's operation for helmet rules violation) ই নিজেই নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত চলালে অভিযান । নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত অভিযান চলাই হেলমেট পৰিধান নকৰা বাইক চালকৰ পৰা প্ৰায় 11 লাখ টকাৰ জৰিমনা(Rs 11 lakhs in fines collecting for violating helmet rules in Nagaon) বিহে আৰক্ষীয়ে ।