নগাঁও, 6 ডিচেম্বৰ :ধাবা নে দেহ ব্যৱসায়ৰ ঘাটি ? নগাঁৱৰ বাইপাছতধাবাৰ নামত একাংশই যৌন ব্যৱসায় চলোৱাৰ এক বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে ৷ দেওবাৰে নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁৱৰ এখন ধাবাত ৷
ধাবাখনত নাৰীৰ দেহ ব্যৱসায় চলা বুলি এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাইছিল নগাঁও আৰক্ষীয়ে ৷ জুইশাল নামৰ ধাবাখনত অভিযান চলাই অসংযত অৱস্থাত যুৱক-যুৱতীক সহ কেইবাগৰাকী লোকক আটক কৰিলে নগাঁও আৰক্ষীয়ে(Sex Racket Busted in Juihal Dhaba) ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি জুইশালত গোপনে অনৈতিক কাৰ্য-কলাপ চলি থকা বুলি প্ৰায়ে অভিযোগ উত্থাপন কৰি আহিছিল স্থানীয় একাংশ লোকে ৷
লগতে পঢ়ক:Nagaon Sex Racket Busted : মোবাইলত যুৱতীৰ ফটো এডিট কৰি নগাঁৱত যৌনতাৰ বেহা