অসম

assam

Police BMI test : BMI টেষ্টত উত্তীৰ্ণ হবলৈ শৰীৰ ওজন কমোৱাৰ যুঁজত আৰক্ষী

By

Published : Aug 17, 2023, 7:48 PM IST

বি এম আই পৰীক্ষা নহয় যেন অগ্নিপৰীক্ষাহে ৷ এতিয়া স্বাস্থ্যৰ লগতে শৰীৰৰ ওজন কমাবলৈ বিভিন্ন শাৰীৰিক কচৰৎ আৰম্ভ কৰিছে একাংশ আৰক্ষীয়ে।

Police BMI test
শৰীৰ ওজন কমোৱাৰ যুঁজত আৰক্ষী

শৰীৰ ওজন কমোৱাৰ যুঁজত আৰক্ষী

নগাঁও, 17 আগষ্ট :অসম আৰক্ষীৰ বি এম আই টেষ্টক লৈ শংকিত হৈছে স্বাস্থ্যবান আৰক্ষী। শৰীৰ ওজন হ্ৰাস কৰাৰ যেন এক যুঁজত অৱতীৰ্ণ হৈছে এতিয়া অসম আৰক্ষীৰ বহু বিষয়া, জোৱান। নগাঁৱত বাইক এৰি চাইকেল চলাই স্বাস্থ্য নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষী জোৱানৰ।

কিছুদিনৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক প্ৰকৃততে স্মাৰ্ট আৰক্ষী স্বৰূপে গঢ়ি তুলিবলৈ আৰক্ষী বিভাগত থকা, পেটুৱা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি এক নিৰ্দেশনা জাৰি কৰিছিল ৷ তাৰ পিচতেই এতিয়া কথা মতেই কাম। মুখ্যমন্ত্ৰীৰ ঘোষণা কৰাৰ পিচতেই এতিয়া প্ৰেক্টিকেল।

বুধবাৰ অথবা 16 আগষ্টত ৰাজ্যৰ কেইবাখনো জিলাৰ বিভিন্ন প্ৰান্তত অসম অৰক্ষীৰ জোৱানসকলৰ বি এম আই টেষ্ট কৰা হৈছে ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে ঘোষণা কৰিছিল যে, অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা লোৱাৰ কথা। তেতিয়াৰ পৰাই যেন স্বাস্থ্য আৰু শৰীৰৰ ওজন কমোৱাৰ এক যুঁজত নামি পৰিছে অসম আৰক্ষীৰ সবস্থ্যবান বিষয়া জোৱান।

বুধবাৰৰ পৰা অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো আৰম্ভ হৈছে অসম আৰক্ষীৰ বি এম আই টেষ্ট। নগাঁৱত বুধবাৰে আৰক্ষী অধীক্ষক নৱনীত মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষকসহ উচ্চপদস্থ বিষয়াসকলৰ বি এম আই পৰীক্ষা সম্পন্ন হোৱাৰ পিচত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে আৰক্ষী জোৱানসকলৰ বি এম আই পৰীক্ষা। এতিয়া স্বাস্থ্যৰ লগতে শৰীৰৰ ওজন কমাবলৈ বিভিন্ন শাৰীৰিক কচৰৎ আৰম্ভ কৰিছে একাংশ আৰক্ষীয়ে।

কোনোবা যদি পুৱা-গধুলি দৌৰিবলৈ আৰম্ভ কৰিছে আন কোনোবা আকৌ চাইকেল চলাই স্বাস্থ্য কমাবলৈ দিনে নিশাই চেষ্টা অব্যাহত ৰাখিছে। নগাঁও জিলাত এই অসম আৰক্ষীৰ বি এম আই টেষ্ট পৰীক্ষা নগাঁৱত ২৫ আগষ্টলৈকে অনুষ্ঠিত হ'ব বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । অৱশ্যে এতিয়াও আৰক্ষী জোৱানসকলৰ টেষ্ট সম্পন্ন হৈ আছে যদিও পৰৱৰ্তী সময়তহে নগাঁও আৰক্ষীৰ কিমানজনে এই পৰীক্ষাত অনুত্তীৰ্ণ হয় সেয়া জানিব পৰা যাব।

লগতে পঢ়ক:Dhemaji police BMI test: ধেমাজিত টেষ্ট দিবলৈ পুৱাৰে পৰা আৰক্ষীৰ শাৰী

ABOUT THE AUTHOR

...view details