নগাঁৱত দুই প্ৰৱঞ্চক গ্ৰেপ্তাৰ
নগাঁৱত দুই প্ৰৱঞ্চক গ্ৰেপ্তাৰ, ৰেল বিভাগত চাকৰি দিয়াৰ নামত তিনি লাখ টকা লৈছিল এগৰাকী মহিলাৰ পৰা
নগাঁও, 15 আগষ্টঃ নগাঁৱৰ চিন্তামণি কোঁৱৰ নামৰ এগৰাকী মহিলাক চাকৰি দিয়াৰ নামত ধন লৈ আৰক্ষীৰ জালত পৰিছে প্ৰৱঞ্চক ৷ জানিব পৰা মতে, মৰিগাঁও জিলাৰ মিকিৰভেটাৰ ছামিম আৰিফ নামৰ এজন যুৱকে দিব্যজ্যোতি নামৰ আন এটা প্ৰবঞ্চকৰ সহযোগত ৰেল বিভাগত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে মহিলাগৰাকীৰ পৰা তিনি লাখ টকা লৈছিল ৷ পৰৰ্বতী সময়ত মহিলা গৰাকীয়ে নগাওঁ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু বৃহস্পতিবাৰে এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দিব্যজ্যোতিক আৰু ছামিম আৰিফক নামৰ দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷