অসম

assam

By

Published : May 26, 2021, 7:37 PM IST

ETV Bharat / state

নগাঁও আৰক্ষীৰ জালত পিষ্টলসহ ড্ৰাগছ মাফিয়া

ক্ৰমাৎ অপৰাধৰ ঘাটিলৈ ৰূপান্তৰিত হোৱা নগাঁৱত বিগত এসপ্তাহে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অপৰাধ বিৰোধী অভিযান। বুধবাৰে পুনৰ নগাঁও জিলা সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত নগাঁৱৰ কাতিমাৰীত অভিযান চলাই পিষ্টলসহ দুজনকৈ কুখ্যাত অপৰাধীক আটক কৰিবলৈ সক্ষম হয়।

as_ngn_nagaon_police_arrested_two_drug_mafia_with_pistols_vis_7203829
নগাঁও আৰক্ষীৰ জালত পিষ্টলসহ ড্ৰাগছ মাফিয়া

নগাঁও, 26 মে': আই পি এছ বিষয়া আনন্দ মিশ্ৰই নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পাচৰে পৰা নগাঁও আৰক্ষীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অপৰাধ বিৰোধী অভিযান। ক্ৰমাৎ অপৰাধৰ ঘাটিলৈ ৰূপান্তৰিত হোৱা নগাঁৱত বিগত এসপ্তাহে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান চলোৱাত কেইবাটাও গোচৰ ৰুজু কৰাৰ লগতে আটক কৰিছে কেইবাজনো অপৰাধীক ৷

নগাঁও আৰক্ষীৰ জালত পিষ্টলসহ ড্ৰাগছ মাফিয়া

বুধবাৰে পুনৰ নগাঁও জিলা সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত নগাঁৱৰ কাতিমাৰীত অভিযান চলাই পিষ্টলসহ দুজনকৈ কুখ্যাত অপৰাধীক আটক কৰিবলৈ সক্ষম হয় । ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত ইকবাল হুছেইন আৰু চনু ৰবি দাসক আটক কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে।

নগাঁও আৰক্ষীৰ জালত পিষ্টলসহ ড্ৰাগছ মাফিয়া

ধৃত অভিযুক্ত ইকবাল হুছেইনৰ ঘৰৰ পৰা আৰক্ষীয়ে এটা হস্তনির্মিত পিষ্টল, এক জাই সজীৱ গুলীৰ লগতে হেৰ'ইন জব্দ কৰিবলৈ সক্ষম। সম্প্ৰতি দুই অভিযুক্তক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে।

লগেত পঢ়ক:দীঘাৰ উপকূলত সাগৰীয় ঘূৰ্ণী য়াছৰ প্ৰভাৱ

ABOUT THE AUTHOR

...view details