নগাঁও, 11 জুনঃনগাঁও আৰক্ষীয়ে আটক কৰিলে দীৰ্ঘদিনৰ পৰা পলাতক অৱস্থাত থকা দুই অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী ৷ বুধবাৰে নিশা নগাঁও আৰক্ষী চকীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মিনা আৰু সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ দত্তৰ নেতৃত্বত,এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক ৷ নগাঁৱৰ মৰিকলং চাৰিখুটিত যোৱা ৮ মে'ত নগাঁও আৰক্ষীৰ সহযোগত চি আই ডিৰ এটা দলে অভিযান চলাই জব্দ কৰিছিল বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ৷
নগাঁও আৰক্ষীৰ জালত দুই পলাতক অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী - ৰুফুল খান
নগাঁও আৰক্ষীৰ জালত দুই পলাতক অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী । অভিযুক্ত দুজনৰ ঘৰৰ পৰা চি আই ডিৰ দলে অভিযান চলাই জব্দ কৰিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ । তাৰ পিচৰ পৰাই পলাতক হৈ আছিল অভিযুক্ত দুজন ৷
![নগাঁও আৰক্ষীৰ জালত দুই পলাতক অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী nagaon police arrested two accused drugs mafia in nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7570407-thumbnail-3x2-kk.jpg)
nagaon police arrested two accused drugs mafia in nagaon
নগাঁও আৰক্ষীৰ জালত দুই পলাতক অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী
কিন্তু ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত হৈ থকা মূল অভিযুক্ত ৰুফুল খান আৰু জাকিৰ হুছেইনক আটক কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী ৷ দুই অভিযুক্ত ৰুফুল খান আৰু জাকিৰ হুছেইনৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অনুসন্ধান চলাই আছিল ৷ অৱশেষত গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই পলাতক অভিযুক্তক ৷