অসম

assam

ETV Bharat / state

Cyber Criminal: চাইবাৰ অপৰাধীৰ ৰূপত শিক্ষানুষ্ঠানৰ কৰ্মচাৰী - nagaon police arrested cyber criminal of guwahati

হত্যা-হিংসা, চোৰ-ডকাইত, ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে সংগ্ৰাম চলাই যোৱা নগাঁও আৰক্ষীয়ে এইবাৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে ৷ বিভিন্ন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ এটা চাইবাৰ অপৰাধীক (nagaon police arrested cyber criminal of guwahati) ৷ বহু মহিলাৰ নামত ভুৱা একাউণ্টেৰে অশ্লীল কাৰ্যকলাপ কৰাৰ অভিযোগ আছে চাইবাৰ অপৰাধীটোৰ বিৰুদ্ধে ৷

cyber crime
চাইবাৰ অপৰাধীৰ ৰূপত শিক্ষানুষ্ঠানৰ কৰ্মচাৰী

By

Published : Dec 11, 2021, 7:15 PM IST

নগাঁও, 11 ডিচেম্বৰ : নগাঁও আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে এক অভিযান চলাই চাইবাৰ অপৰাধত জড়িত গুৱাহাটীৰ এগৰাকী প্ৰতিষ্ঠিত ব্যক্তিক আটক কৰে (nagaon police arrested cyber criminal of guwahati) ৷ নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ এটা দলে অভিযান চলাই গুৱাহাটীৰ ৰিহাবাৰীৰ পৰা ধ্ৰুৱজ্যোতি গোস্বামী নামৰ লোকজনক আটক কৰিবলৈ সক্ষম হয় (Cyber criminal Dhrubajyoti Goswami ) ৷

নগাঁৱৰ হয়বৰগাঁৱৰ এগৰাকী মহিলাৰ নামত এটা ভুৱা একাউণ্ট (Fake social media account) খুলি ছ’চিয়েল মিডিয়াত ধ্ৰুৱজ্যোতি গোস্বামীয়ে আপত্তিজনক ফটো আপলোড কৰিছিল ৷ এই বিষয়ে মহিলাগৰাকী অৱগত লগে লগেই ন্যায় বিচাৰি কাষ চাপে হয়বৰগাঁও আৰক্ষীৰ ৷

চাইবাৰ অপৰাধী ধ্ৰুৱজ্যোতি গোস্বামী

মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 1119/21 নম্বৰত এক গোচৰ ৰুজু কৰি আৰম্ভ কৰে অনুসন্ধান ৷ সেই অনুসন্ধানৰ ভিত্তিতেই হয়বৰগাঁও আৰক্ষী চকীৰ দলটোৱে অভিযান চলাই গুৱাহাটীৰ ৰিহাবাৰীৰ পৰা ধ্ৰুৱজ্যোতি গোস্বামীক আটক কৰে ৷

আটকাধীন ধ্ৰুৱজ্যোতি গোস্বামীয়ে এজাহাৰ দাখিল কৰা মহিলাগৰাকীৰ নামত ভুৱা একাউণ্ট খুলি চাইবাৰ অপৰাধত (cyber crime) জড়িত থকাৰ তথ্য লাভ কৰিছে নগাঁও আৰক্ষীয়ে ৷ সম্প্ৰতি নগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত ধ্ৰুৱজ্যোতি গোস্বামীক নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে ।

আৰক্ষীৰ অভিযানকাৰী দলটোৱে ধ্ৰুৱজ্যোতি গোস্বামীৰ মোবাইল ফোন, লেপটপ আদি জব্দ কৰি অব্যাহত ৰাখিছে অনুসন্ধান ৷ গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যক্তি ধ্ৰুৱজ্যোতি গোস্বামীয়ে আন বহু মহিলাৰ নামতো ছ’চিয়েল মিডিয়াত ভুৱা একাউণ্ট খুলি চাইবাৰ অপৰাধত জড়িত হৈ থকাৰ তথ্যও লাভ কৰিছে নগাঁও আৰক্ষীয়ে ৷

লগতে পঢ়ক :Encounter at Biswanath : বিশ্বনাথত পুৱতি নিশা সংঘটিত গুলীচালনাত আহত নকল নোট ব্যৱসায়ী

ABOUT THE AUTHOR

...view details