অসম

assam

ETV Bharat / state

Fertilizer scam: নগাঁৱত চৰকাৰী সাৰৰ ক'লা বেহা, আটক তিনিজন - Subsidised urea seized in Nagaon

দৰিদ্ৰ কৃষকৰ সাৰ বিক্ৰী হৈছে ক'লা বজাৰত। নগাঁও আৰক্ষীৰ এক অভিযানত পোহৰলৈ আহিছে সাৰৰ ক'লা ব্যৱসায়ৰ তথ্য(Fertilizer seized at Nagaon )। জব্দ হৈছে বৃহৎ পৰিমাণৰ চৰকাৰী ইউৰিয়া । সাৰৰ ক'লা ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ীক আটক ।

Fertilizer seized at Nagaon
নগাঁৱত চৰকাৰী সাৰৰ ক'লা বেহা

By

Published : Feb 4, 2022, 6:43 PM IST

নগাঁও , 4 ফেব্ৰুৱাৰী :দৰিদ্ৰ কৃষকৰ সাৰ এতিয়া বিক্ৰী হৈছে ক'লা বজাৰত । কিয়নো মধ্য অসমত চলি আছে দুখীয়া কৃষকলৈ অহা চৰকাৰী সাৰৰ কলা বেহা ৷ নগাঁৱৰ হয়বৰগাঁও আৰক্ষীৰ এক অভিযানত পোহৰলৈ আহিছে এই তথ্য ।

বৃহস্পতিবাৰে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ পৰিমানৰ চৰকাৰী সাৰসহ তিনিজনকৈ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়(Illigal trading of Fertilizer in Nagaon) । নগাঁৱৰ হয়বৰগাওঁ আৰক্ষীৰ এটা চলোৱা অভিযানত জব্দ কৰা হয় প্ৰায় ত্ৰিশ বেগ চৰকাৰী ভাৱে যোগান ধৰা ইউৰিয়া সাৰ ৷ লগতে সাৰৰ এই ক'লা ব্যৱসায়ৰ লগত জড়িত মৈৰাবাৰীৰ আছিকুল ইছলাম , তাজনুল ইছলাম আৰু ধিঙৰ আবু হানিফ নামৰ তিনি যু্ৱকক আটক কৰে আৰক্ষীয়ে ৷

নগাঁৱত চৰকাৰী সাৰৰ ক'লা বেহা

জানিব পৰা মতে এখন যাত্ৰীবাহী ষ্টাৰ বাছত মৈৰাৱাৰীৰ পৰা ডিমাপুৰলৈ অভিমূখে এই লোক তিনিজনে সাৰখিনি সৰবৰাহৰ চেষ্টা চলাইছিল ৷ কিন্তু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীয়ে গোপন খৱৰৰ ভিত্তিত চলোৱা অভিযানত যাত্ৰীবাহী ষ্টাৰ বাছখনত তালাচী চলাই জব্দ কৰে চৰকাৰী সাৰখিনি(Subsidised urea seized in Nagaon) । এই চোৰাং ব্যৱসায়ী চক্ৰটোয়ে দীৰ্ঘদিন ধৰি কৃষকৰ বাবে যোগান ধৰা চৰকাৰী ইউৰিয়া সাৰ মৰিগাঁও আৰু নগাঁও জিলাৰ পৰা গোপনে সৰবৰাহ কৰি আহিছিল ডিমাপুৰলৈ ৷

দৰিদ্ৰ কৃষকৰ নামত চৰকাৰে কৃষি বিভাগৰ জৰিয়তে সাৰৰ যোগান ধৰি আহিছে যদিও প্ৰকৃততে ৰাজ্যৰ কৃষকসকল চৰকাৰী সাৰ লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ প্ৰায়েই অভিযোগ উত্থাপন হৈ আহিছে । এনে সময়তে চৰকাৰী সাৰ কৃষকক প্ৰদান কৰাৰ বিপৰীতে এটা চক্ৰই গঢ়ি তোলা ক'লা ব্যৱসায়ৰ সৈতে চৰকাৰী একাংশ বিষয়া জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক :নগাঁৱৰ ৰণথলীত উদ্ধাৰ দুটাকৈ সন্দেহজনক বোমা

ABOUT THE AUTHOR

...view details