চামগুৰি, 22 ছেপ্তেম্বৰ :নগাঁও জিলাৰ ধিঙতো সোমবাৰে নিশা মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে দুজনকৈ মাটিৰ দালালক আটক কৰে । দালাল দুজনে দীৰ্ঘদিন ধৰি ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালি চলাই আহিছিল । আটক কৰা লোক দুজন সুভাষ দেৱনাথ আৰু দৰ্পণ বৰা বুলি জানিব পৰা হৈছে । আনহাতে আন এজন দালাল প্ৰিয়ৰঞ্জন দাস সম্প্ৰতি পলাতক হৈ থকা বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা ৰাজহ চক্ৰ বিষয়াসকলৰ ৰাজ্যিক সন্মিলনত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ ফাইলৰ কাম ৬ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল ৷ মুখ্যমন্ত্ৰীয়ে সন্মিলনত বিষয়াসকলক কঠোৰ সকীয়নি দিয়াৰ লগতে চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা দালালৰাজ বন্ধ নহ'লে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে কাম কৰি যাব বুলি সকীয়নি দিছিল ৷