নগাঁও,13 ফেব্ৰুৱাৰী: ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান নগাঁও আৰক্ষীৰ । নগাঁৱত নিচাজাতীয় ঔষধ, হেৰ'ইনসহ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ ব্যৱসায়ী । বৃহস্পতিবাৰে নগাওঁ চহৰৰ বিভিন্ন স্থানত নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মিনাৰ তৎপৰাতত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে । পুৱাই নিচাজাতীয় ঔষধসহ এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰাৰ পিছত দুপৰীয়া পুনৰ অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ'ইন । নগাঁৱৰ ইছলামপট্টিৰ পৰা ২০ লক্ষাধিক টকাৰ হেৰ'ইনসহ আৰক্ষীয়ে আটক কৰে ছিলঙনিৰ খুৰচিদ আলী আৰু ভকতগাঁৱৰ মজিবুৰ ৰহমান নামৰ ড্ৰাগছ ব্যৱসায়ীক । বৰ্তমান আটকাধীন ড্ৰাগছ ব্যৱসায়ী দুজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান নগাওঁ আৰক্ষীৰ - নগাঁৱত আটক ড্ৰাগছ ব্যৱসায়ী
নগাওঁ আৰক্ষীয়ে শেহতীয়াকৈ নিদ্ৰা হৰিছে নগাঁৱৰ অপৰাধীৰ । নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মিনাৰ তৎপৰাতত এটাৰ পিছত এটা অভিযান । গৰু ছিণ্ডিগেট, কেঁকোসাপৰ পৰা চোৰাং চিকাৰী, ড্ৰাগছ সৰবৰাহকাৰী পৰ্যন্ত আৰক্ষীৰ জালত ।

ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান নগাওঁ আৰক্ষীৰ
ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান নগাওঁ আৰক্ষীৰ