নগাঁও, ২৯ জুন: নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক কল্যান কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে সোমবাৰে অভিযান চলাই পিষ্টলসহ আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰীটোক । নগাঁৱৰ ৰাইদঙীয়াৰ পৰা আৰক্ষীৰ দলটোৱে আটক কৰে তেজপুৰৰ মইনুল হক নামৰ অস্ত্ৰ সৰবৰাহকাৰীটোক ।
সজীৱ গুলী আৰু পিষ্টলসহ আৰক্ষীৰ জালত অস্ত্ৰ সৰবৰাহকাৰী - undefined
এইবাৰ নগাওঁ আৰক্ষীৰ জালত পিষ্টলসহ এটা অস্ত্ৰ সৰবৰাহকাৰী । আৰক্ষীয়ে সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰিছে পাঁচ জাই সজীৱ গুলী সহ এটা পিষ্টল ।
নগাঁও আৰক্ষীৰ জালত অস্ত্ৰ সৰবৰাহকাৰী
আটকাধীন সৰবৰাহকাৰীটোৰ পৰা বিক্ৰীৰ বাবে অনা এটা পইণ্ট টু টু পিষ্টলৰ লগতে পাঁচ জাই সজীৱ গুলীও আৰক্ষীৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় ।
TAGGED:
One arrested with pistol