নগাঁৱত মাটিৰ কাগজত চহী জাল কৰি আৰক্ষীৰ জালত এজন - নগাঁও সদৰ আৰক্ষী
নগাঁৱত ন্যায়লয়ৰ শপতনামাত স্বাক্ষৰ জালিয়াতি কৰি মাটি বিক্ৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত বাহাৰুল ইছলাম নামৰ এজন লোক ৷
নগাঁও,17 অক্টোবৰ : ন্যায়ালয়ৰ শপতনামাত স্বাক্ষৰ জালিয়াতি কৰি মাটি বিক্ৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত এজন । আৰক্ষীয়ে আটক কৰা লোকজনৰ নাম বাহাৰুল ইছলাম । প্ৰাপ্য তথ্য অনুসৰি বাহাৰুল ইছলাম লোকজনে নগাঁৱৰ এখন গহনা বিপনীৰ স্বত্বাধিকাৰী ৰুক্মিনী দেৱী মনিহাৰীৰ নামত নগাঁৱৰ কাছমাৰীত থকা এক বিঘা মাটি বিক্ৰীৰ বাবে স্বত্বাধিকাৰ দিছিল খাইৰুল ইছলাম নামৰ এজন লোকক । কিন্তু বাহাৰুল ইছলাম নামৰ লোকজনে মাটিৰ প্ৰকৃত স্বতাধিকাৰ ৰুক্মিনী দেৱী মনিহাৰীৰ স্বাক্ষৰ জালিয়াতি কৰি উক্ত মাটিখিনিৰ স্বত্বাধিকাৰ খাইৰুল ইছলামলৈ হস্তান্তৰ কৰাত সহায় কৰিছিল ৷ এই সন্দৰ্ভত ২০১৭ চনতে খাইৰুল ইছলামৰ বিৰুদ্ধে মাটিৰ প্ৰকৃত গৰাকী ৰুক্মিনী দেৱী মনিহাৰীয়ে মাটিৰ বিক্ৰী শপত নামাত তেখেতৰ স্বাক্ষৰ জালিয়াতি কৰাৰ অভিযোগ দি নগাঁও সদৰ আৰক্ষী থানাত গোচৰ দিয়ে ৷ নগাঁও সদৰ আৰক্ষী থানাত তৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে কিছুদিন পূৰ্বে স্বাক্ষৰ জালিয়াতি কৰা মূল অভিযুক্ত খাইৰুল ইছলামক কৰায়ত্ব কৰিছিল আৰু বৃহস্পতিবাৰে আৰক্ষীয়ে আনজন অভিযুক্ত বাহাৰুল ইছলামক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।