নগাঁও,11জুলাইঃ নগাঁও জিলাত চাকৰিৰ নামত উৎকোচ লৈ নিবনুৱা যুৱক যুৱতীক প্ৰবঞ্চনা কৰি অহা এগৰাকী মহিলা জালত পৰিছে নগাঁও আৰক্ষীৰ। মহিলা গৰাকী হৈছে নগাঁও চহৰৰ পানীগাঁও ছয়আলিৰ পাহি সুমন বৰা। নগাঁও টাউন ইটাচালী আৰক্ষীয়ে নিজ বাসগৃহৰ পৰাই আটক কৰে প্ৰৱঞ্চক মহিলা গৰাকীক।
আৰক্ষীৰ জালত মহিলা প্ৰৱঞ্চক - নগাঁও চহৰৰ পানীগাঁও ছয়আলিৰ
আৰক্ষীৰ জালত পৰিল বহু নিবনুৱা যুৱক-যুৱতীক চাকৰিৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰা নগাঁৱৰ মহিলা প্ৰৱঞ্চক ৷
উল্লেখযোগ্য যে নগাঁও জিলাৰ বিভিন্ন স্থানৰ শিক্ষিত একাংশ নিবনুৱা যুৱক যুৱতীক চাইল্ড লেবাৰ প্ৰজেক্টত বিভিন্ন পদত চাকৰি দিয়াৰ নামত মহিলাগৰাকীয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। পৰৱৰ্তী সময়ত চাকৰি দূৰৰে কথা চাকৰিৰ কথা সুধিলেও ওলোটাই ভাবুকিহে প্ৰদান কৰাৰো অভিযোগ উঠিছে নিৱনুৱা সকলক। অৱশেষত বহুকেইজন চাকৰি প্ৰাৰ্থীয়ে আৰক্ষী থানাত প্ৰৱঞ্চক মহিলা পাহি সুমন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। ইপিনে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে শুকুবাৰে নিশা পাহি সুমন বৰাক আটক কৰি জেৰা অৱ্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃ পশ্চিমবংগত কোৱাৰেণ্টাইন কেন্দ্ৰৰ সমীপত আৰক্ষী আৰু গাঁওৱাসীৰ মাজত সংঘৰ্ষ