অসম

assam

ETV Bharat / state

নগাঁৱত বনৰীয়া ম'হৰ আক্ৰমণত নিহত এগৰাকী মহিলা

নগাঁৱৰ কলিয়াবৰত বনৰীয়া ম'হৰ আতংক ৷ খৰি কাটিবলৈ যোৱা মহিলাক আক্ৰমণ কৰিলে বনৰীয়া ম'হে ৷ নিহত মহিলাগৰাকীৰ ঘৰ জখলাবন্ধা ৰেলগেটত ৷

By

Published : Nov 21, 2019, 8:48 PM IST

নগাঁৱত বনৰীয়া ম'হৰ আক্ৰমণত নিহত এগৰাকী মহিলা

নগাঁও, 21 নৱেম্বৰঃবৃহস্পতিবাৰে নগাঁৱৰ কলিয়াবৰত সংঘটিত হয় এক অঘটন ৷ কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত বনৰীয়া ম'হৰ আক্ৰমণত নিহত হয় এগৰাকী মহিলা ৷ ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰা খৰি আনিবলৈ যোৱা মহিলাগৰাকীক চাপৰিত থকা বনৰীয়া ম'হে আক্ৰমণ কৰাত থিতাতে নিহত হয় মহিলাগৰাকী ৷ মৃত মহিলা গৰাকীৰ নাম মুন্নী চাহানী বুলি জানিব পৰা গৈছে ৷ হাতীমূৰাৰ ৰাধেশ্যাম টাপুত সংঘটিত হয় এই ঘটনা৷ নিহত মহিলাগৰাকীৰ ঘৰ জখলাবন্ধা ৰেলগেটত৷ এই ঘটনাৰ পিচতে শোকাকুল পৰিৱেশে বিৰাজ কৰে অঞ্চলটোত ৷

নগাঁৱত বনৰীয়া ম'হৰ আক্ৰমণত নিহত এগৰাকী মহিলা

ABOUT THE AUTHOR

...view details