নগাঁও,16নৱেম্বৰ: সোমবাৰে নগাঁৱত অনুষ্ঠিত হয় সদৌ অসম এনপিএছ কৰ্মচাৰীৰ এখন সভা । এনপিএছ ব্যৱস্থাৰ পৰিবৰ্তন বিচাৰি সমগ্ৰ অসমত জনজাগৰণ সভা অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰে কৰ্মচাৰী সকলে ৷
নগাঁৱত সদৌ অসম এনপিএছ কৰ্মচাৰীৰ সভা - জনজাগৰণ সভা
নগাঁৱত অনুষ্ঠিত হয় সদৌ অসম এনপিএছ কৰ্মচাৰীৰ এখন সভা অনুষ্ঠিত হয় ৷ সভাত ২৪ নৱেম্বৰত গুৱাহাটীত গণ অভিবৰ্ত্তন অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰে এগৰাকী অধ্যক্ষই ৷
নগাঁৱত সদৌ অসম এনপিএছ কৰ্মচাৰীৰ সভা
অহা ২৪ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব গণ অভিবৰ্ত্তন । সেই অভিবৰ্ত্তনৰ জৰিয়তে চৰকাৰক এনপিএছ ব্যৱস্থাৰ পৰিবৰ্তনৰ দাবী উত্থাপন কৰিব চৰকাৰী প্ৰায় ২০ হাজাৰ শিক্ষক-কৰ্মচাৰী বিষয়াই । সভাত উপস্থিত থাকি মায়ং আঞ্চলিক মহাবিদ্যালয় অধ্যক্ষ গৰাকীয়ে অৱসৰৰ পাছত তেওঁ জীৱনলৈ নামি অহা আৰ্থিক সংকটৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ।
অন্য এক খবৰৰ বাবে: ৰূপা দাসক এতিয়া প্ৰয়োজন এধানি সহায়ৰ