নগাঁও, 14 জুলাই : নগাঁও জিলাৰ অন্তৰ্গত এগৰাকী কিশোৰীক পলুৱাই নি হত্যা কৰাৰ অভিযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মোজাম্মিল হক নামৰ এজন যুৱকক। ভুক্তভোগী কিশোৰীৰ মাতৃৰ ভাষ্য অনুসৰি,কিছুদিন পূৰ্বে জিলাখনৰ অন্তৰ্গত মধুপুৰ কদমতলৰ এগৰাকী যুৱতীক পলুৱাই নিয়াৰ অভিযোগ উত্থাপন হৈছিল শিয়ালমাৰীৰ মোজাম্মিল হক নামৰ যুৱকজনৰ বিৰুদ্ধে ৷ ফলস্বৰূপে ভুক্তভোগী পৰিয়ালে কন্যাক বিচাৰি হাহাকাৰ কৰাৰ লগতে অভিযুক্ত যুৱকৰ পৰিয়ালবৰ্গৰ ওচৰত কন্যাক বিচাৰি কাকুতি-মিনতি কৰে কিশোৰীজনীৰ মাতৃয়ে ৷ তৎসত্বেও কন্যাৰ কোনো খবৰ নাপাই পৰিয়ালে ৷ অৱশেষত,অভিযুক্তৰ ঘৰৰ পৰা কন্যাক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে কিশোৰীগৰাকীক ৷
প্ৰেমিকাক বিহ খুৱাই হত্যাৰ অভিযোগত নগাঁৱত গ্ৰেপ্তাৰ এজন - শিয়ালমাৰী
জিলাখনৰ অন্তৰ্গত মধুপুৰ কদমতলৰ এগৰাকী যুৱতীক পলুৱাই নিয়াৰ অভিযোগ উত্থাপন হৈছিল শিয়ালমাৰীৰ মোজাম্মিল হক নামৰ যুৱকজনৰ বিৰুদ্ধে ৷

নগাঁও
নগাঁও
লগতে পঢ়কঃকৰ্তব্যৰ তাগিদাঃ এবুকু পানীত নাও বোৱা কোন এই দীপিকা মিলি ?
মোজাম্মিল হক নামৰ যুৱকজনে কিশোৰীজনীক বিহ খোৱাই হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে কিশোৰীৰ পৰিয়ালে ৷ ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে । পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি শিয়ালমাৰীৰ মোজাম্মিল হক নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে।