অসম

assam

হালধীয়াৰ সমাহাৰে মুগ্ধ কৰা এখন বিশেষ পথাৰ

By

Published : Jan 23, 2020, 9:30 PM IST

এহেজাৰ বিঘাতকৈয়ো অধিক কৃষিভূমিত সৰিয়হ খেতি কৰি একপ্ৰকাৰৰ কৃষি বিপ্লৱৰ সূচনা কৰিছে নগাঁৱৰ পুৰণিগুদামৰ সমীপৱৰ্তী জলাহ গাঁৱৰ একাংশ কৃষকে ৷ যাৰ দ্বাৰা তেওঁলোকে নিজে স্বৱলম্বী লগতে সাহাৰ্য প্ৰদান কৰি আহিছে একাংশ দৰিদ্ৰ পৰিয়ালক ৷

সৰিয়হ খেতিৰে স্বাৱলম্বী
সৰিয়হ খেতিৰে স্বাৱলম্বী

নগাঁও, 23 জানুৱাৰীঃসকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এখন বিশেষ পথাৰে ৷ পথাৰখনৰ হালধীয়াৰ সমাহাৰে মুগ্ধ কৰিব আপোনাকো ৷ এই নান্দনিক দৃশ্য নগাঁৱৰ পুৰণিগুদামৰ সমীপৱৰ্তী জলাহ গাঁৱৰ পথাৰৰ ৷ কৰ্ম সংস্থাপনৰ তাৰণাত বহিঃৰাজ্যলৈ যোৱাৰ পৰিৱৰ্তে নিজ ঠাইতে সৰিয়হ খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ পথ বিচাৰি লৈছে জলাহ গাঁৱৰ একাংশ কৃষকে ৷

সৰিয়হ খেতিৰে স্বাৱলম্বীতাৰ একাংশ কৃষকৰ পথ সূচনা

প্ৰায় এহেজাৰ বিঘাতকৈয়ো অধিক কৃষিভূমিত সৰিয়হ খেতি কৰি এওঁলোকে সূচনা কৰিছে একপ্ৰকাৰৰ কৃষি বিপ্লৱৰ ৷ প্ৰতি বিধা মাটিত উৎপাদন প্ৰায় পাঁচ মোনকৈ সৰিয়হ ৷ এই উদ্যমী কৃষক সকলে সৰিয়হ খেতিৰে স্বাৱলম্বী হোৱাৰ ওপৰিও আৰ্থিকভৱে সাহাৰ্য প্ৰদান কৰি আহিছে একাংশ দৰিদ্ৰ পৰিয়ালক ৷ ইয়াৰোপৰি এই সৰিয়হ খেতিয়ে আশাৰ ৰেঙনি আনিছে স্থানীয়মৌ-পালকসকললৈয়ো ৷

লগতে পঢ়ক ঃশুৱালকুচিত সাহিত্য সভাৰ অধিৱেশনস্থলী পৰিদৰ্শন অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শকৰ

ABOUT THE AUTHOR

...view details