অসম

assam

ETV Bharat / state

প্ৰথমটো নৈশ সান্ধ্য আইনৰ মাজতে বিজেপি কৰ্মীক গুলীয়াই হত্যা

ভয়াৱহ ক’ভিড পৰিস্থিতি সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ এই সান্ধ্য আইনৰ মাজতে নগাঁৱৰ চামগুৰিত আৰক্ষীৰ নিৰাপত্তাৰ বেহু ফালি ঘৰৰ পদূলিত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে এগৰাকী বিজেপি কৰ্মীক ।

By

Published : Apr 28, 2021, 12:33 PM IST

nagaon murder
ৰমজানৰ নামাজ পঢ়ি ঘৰলৈ ওভটাৰ পথতেই বিজেপি কৰ্মীক গুলীয়াই হত্যা

নগাঁও,28 এপ্ৰিল:ক’ভিড পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হোৱা প্ৰথমটো নৈশ সান্ধ্য আইনৰ মাজতেই নগাঁৱৰ চামগুৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। আৰক্ষীৰ নিৰাপত্তাৰ বেহু ফালি ঘৰৰ পদূলিতেই দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে এগৰাকী ব্যৱসায়ী তথা সক্ৰিয় বিজেপি কৰ্মীক ৷

উল্লেখযোগ্য যে, মঙলবাৰে নৈশ সান্ধ্য আইন বলৱৎ হৈ থকাৰ মাজতেই চামগুৰিৰ কাৱৈমাৰীৰ কদমগুৰিৰ ৰহিম উদ্দিন নামৰ লোকজনে ৰমজানৰ তাৰাবী নামাজ পঢ়ি ঘৰলৈ ওভতি অহাৰ পথতেই ঘৰৰ সন্মুখতে গুলীয়াই থৈ যায় অচিনাক্ত দুৰ্বৃত্তই । গুলীবিদ্ধ ৰহিম উদ্দিনক পৰিয়ালৰ লোকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে পৰীক্ষা কৰি মৃত ঘোষণা কৰে ৷

বিজেপি কৰ্মীক গুলীয়াই হত্যা

সান্ধ্য আইন বলৱৎ হৈ থকাৰ মাজতেই ঘৰৰ পদূলিতেই এগৰাকী লোকক গুলীয়াই হত্যা কৰি দুৰ্বৃত্তই পলায়ন কৰিবলৈ সক্ষম হোৱা ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

ঘটনা সন্দৰ্ভত নগাঁও আৰু চামগুৰি আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত । অৱশ্যে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ । উল্লেখযোগ্য যে, এই হত্যাকাণ্ডই সমগ্ৰ নগাঁৱতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ নিৰাপত্তাক লৈও উত্থাপন কৰিছে এক ডাঙৰ প্ৰশ্নৰ ।

লগতে পঢ়ক :আৰক্ষীৰ জালত ৰঙাপৰাত ডাইনী কাণ্ডৰ লগত জড়িত পাঁচ অভিযুক্ত

ABOUT THE AUTHOR

...view details