অসম

assam

ETV Bharat / state

নগাঁৱত ভোগালী বিহুৰ দিনাই মাটি খান্দি উদ্ধাৰ মহিলাৰ মৃতদেহ

ভোগালী বিহুৰ দিনাই নগাঁৱৰ জাজৰীত ভয়ংকৰ ঘটনা। মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ। হত্যাৰ অভিযোগত আটক স্বামী।

By

Published : Jan 14, 2021, 6:16 PM IST

nagaon-murder
নগাঁৱত ভোগালী বিহুৰ দিনাই মাটি খান্দি উদ্ধাৰ মহিলাৰ মৃতদেহ

নগাঁও, 14 জানুৱাৰী: ভোগালী বিহুৰ আনন্দ উল্লাহৰ মাজতেই নগাঁৱত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। বিহুৰ দিনটোতেই নগাঁৱৰ জাজৰীৰ ন সত্ৰত মাটিৰ তলত পুতি থোৱা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ।

নগাঁৱত ভোগালী বিহুৰ দিনাই মাটি খান্দি উদ্ধাৰ মহিলাৰ মৃতদেহ

বৃহস্পতিবাৰে পুৱাই মৃতদেহটোৰ কিছু অংশ মাটিৰ ওপৰত প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। পিছত ঘটনাস্থলীত জাজৰী আৰক্ষী উপস্থিত হৈ মাটি খান্দি উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো ন সত্ৰৰ কিৰণ কলিতাৰ পত্নী বুলি চিনাক্ত হৈছে ।

নগাঁৱত ভোগালী বিহুৰ দিনাই মাটি খান্দি উদ্ধাৰ মহিলাৰ মৃতদেহ

নিজ স্বামীয়েই হত্যা কৰি মাটিৰ তলত পুতি থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । পত্নী হত্যাৰ অভিযুক্ত স্বামী কিৰণ কলিতাক ইতিমধ্যেই জাজৰী আৰক্ষীয়ে আটক কৰি আৰম্ভ কৰিছে তদন্ত।

লগতে পঢ়ক: ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিত অন্তৰ্ভূক্ত নহ'ল কেইবাগৰাকীও জ্যেষ্ঠ নেতা

ABOUT THE AUTHOR

...view details