নগাঁও,9 ফেব্ৰুৱাৰী: নগাঁৱত আঠ বছৰীয়া শিশুক যৌন নিৰ্যাতনৰ অভিযোগত ৰাজহুৱা শাস্তিৰ সন্মুখীন বৃদ্ধ লম্পট । ডিঙিত চেণ্ডেলৰ মালা ওলোমাই গছত বান্ধি শাস্তি বৃদ্ধক । নগাঁৱৰ পুৰণিগুদাম অঞ্চলৰ পুতুল আলী নামৰ এজন বৃদ্ধলোকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ। ঘটনা অনুসৰি সন্ধিয়া শনিবাৰে বিয়লি একে গাঁৱৰে প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ফুচুলাই নি যৌন নিৰ্যাতনৰ অভিযোগ এইজন পুতুল আলীৰ বিৰুদ্ধে। অভিযোগ মতে আঠবছৰীয়া কণমানিজনীক টেঙা খোৱাৰ প্ৰলোভন দি নিজৰ ঘৰলৈ নি অসৎ কাৰ্য চৰিতাৰ্থ কৰিছিল বৃদ্ধ পুতুল আলীয়ে। শিশুটিৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে গম পোৱাৰ পিছতেই গছত বান্ধি ডিঙিত চেণ্ডেলৰ মালা ওলোমাই শাস্তি প্ৰদান কৰে। নাতি বয়সৰ শিশুক যৌন নিৰ্যাতন চলোৱা বৃদ্ধ পুতুল আলীক ফাঁচীৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। পাছত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত স্থানীয় আৰক্ষীক খবৰ দি লম্পট পুতুল আলীক গতাই দিয়ে একাংশই ।
শিশুক যৌন নিৰ্যাতনৰ অভিযোগত ৰাজহুৱা শাস্তি বৃদ্ধক - নগাঁৱত ডিঙিত চেণ্ডেলৰ মালা ওলোমাই গছত বান্ধি শাস্তি বৃদ্ধক
নগাঁৱত আঠবছৰীয়া শিশুক যৌন নিৰ্যাতনৰ অভিযোগত বৃদ্ধক ডিঙিত চেণ্ডেলৰ মালা ওলোমাই গছত বান্ধি শাস্তি প্ৰদান স্থানীয় ৰাইজৰ ৷

নগাঁৱত আঠ বছৰীয়া শিশুক যৌন নিৰ্যাতনৰ অভিযোগত ৰাজহুৱা শাস্তি বৃদ্ধক
নগাঁৱত আঠ বছৰীয়া শিশুক যৌন নিৰ্যাতনৰ অভিযোগত ৰাজহুৱা শাস্তি বৃদ্ধক