নগাঁও, 7 জানুৱাৰী: এজন স্বামীক লৈ দুই পত্নীৰ মাজত শনিবাৰে হোৱা মাৰপিটৰ ঘটনাত উত্তাল হ’ল নগাঁৱৰ ৰাজপথ(wife attacked husband in Nagaon) ৷ এগৰাকী পত্নীৰ আক্ৰমণত মূৰ ফাটিল স্বামীৰ ৷ সম্প্ৰতি আৰক্ষীৰ জালত দুই পত্নী আৰু লম্পট স্বামী ৷
উল্লেখ্য যে, আজমল হুছেইন নামৰ নগাঁও চহৰৰ ভূঁঞাপট্টিৰ পঞ্চাশ বছৰীয়া ব্যক্তিগৰাকীয়ে প্ৰথমা পত্নীৰ অজ্ঞাতে কিছুদিন পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল জুৰীয়াৰ এগৰাকী কম বয়সীয়া বিবাহিতা মহিলাৰ সৈতে ৷ প্ৰথমা পত্নীৰ অজ্ঞাতে বিবাহ সম্পন্ন কৰি দ্বিতীয়া পত্নীৰ সৈতে আত্মগোপন কৰি আছিল আজমল হুছেইন(Illicit love affair) ৷ পিছে, দিন বেয়া আছিল আজমলৰ ৷ দ্বিতীয়া পত্নীক লৈ যোৰহাটলৈ পলায়নৰ চেষ্টা কৰোঁতেই আজমল ধৰা পৰিল প্ৰথমা পত্নীৰ হাতত ৷
ইয়াৰ পিছতেই ৰণক্ষেত্ৰত পৰিণত হ’ল নগাঁৱৰ ৰাজপথ ৷ আৰম্ভ হ’ল আজমলৰ সৈতে প্ৰথমা পত্নীৰ দুৰ্বাদল কাজিয়া( Nagaon wife husband conflict) ৷ দ্বিতীয়া পত্নীৰ সৈতে আজমলক ধৰা পেলাই লপা-থপা দিয়ে প্ৰথমা পত্নীয়ে ৷ নগাঁও চহৰৰ মাৰোৱাৰীপট্টিৰ সমীপত সংঘটিত হয় এই ঘটনা ৷ কেৱল স্বামী আজমলক প্ৰহাৰ কৰাই নহয়, আজমলৰ দ্বিতীয়া পত্নীকো আক্ৰমণৰ লক্ষ্য কৰিলে প্ৰথমা পত্নীয়ে ৷ লগে লগেই নগাঁৱৰ ৰাজপথত ভিৰ কৰিলেহি বহু সংখ্যক লোকে ৷ তাৰ পিছতো চলি থাকিল তিনিওৰে কাজিয়া ৷