অসম

assam

By

Published : Oct 3, 2020, 4:21 PM IST

ETV Bharat / state

হাথৰস কাণ্ডৰ বিৰুদ্ধে নগাঁৱত মহিলা কংগ্ৰেছৰ প্ৰতিবাদ

উত্তৰ প্ৰদেশৰ গণধৰ্ষণ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰাক লৈ শনিবাৰে নগাঁৱত জিলা মহিলা কংগ্ৰেছৰ প্ৰতিবাদ ৷ মহিলাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

Nagaon Mahila Congress protest
নগাঁৱত মহিলা কংগ্ৰেছৰ প্ৰতিবাদ

নগাঁও,3 অক্টোবৰ: উত্তৰ প্ৰদেশৰ হাথৰসৰ গণধৰ্ষণক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদৰ ঢৌ ৷ নগাঁৱতো শনিবাৰে মহিলা কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ৷ নগাঁও জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত নগাঁও শ্বহীদ ভৱনৰ পৰা নগাঁও কলেজ পইণ্টলৈ এক সমদল উলিওৱাৰ লগতে নগাঁও কলেজৰ মূল ঘাইপথ অৱৰোধ কৰা হয় ৷

নগাঁৱত মহিলা কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰতিবাদত মহিলাসকলে উত্তৰ প্ৰদেশত সংঘটিত হোৱা গণধৰ্ষণত জড়িত দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰাৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধী উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিয়ে । ইয়াৰ লগতে মহিলাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰতিমূৰ্তি দাহ কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিবামণি বৰা আৰু দীপিকা শইকীয়া ৷

লগতে পঢ়ক:জালান চাহ বাগিছাত আটছাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details