চামগুৰি, 31 ডিচেম্বৰ :ঠিকনা বিপন্ন হোৱাৰ দিশে নগাঁৱত এজোপা শিমলু গছত বহু বছৰ ধৰি আশ্ৰয় লৈ থকা দুষ্প্ৰাপ্য বৰটোকোলাৰ ৷ৰাজপথ সম্প্ৰসাৰণৰ উদ্দেশ্যে বৰটোকোলা কেইটাই আশ্ৰয় লৈ থকা নগাঁৱৰ পুৰণিগুদামৰ কাষৰিগাঁওস্থিত ৰাজপথৰ কাষৰ সু-উচ্চ শিমলু গছ জোপা কাটি পেলোৱাৰ আশংকা কৰা হৈছে ৷ শেহতীয়াকৈ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত নিয়োজিত কৰ্তৃপক্ষই উক্ত গছজোপাত এক বিশেষ চিহ্ন খোদিত কৰাৰ পাছতে স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে ৷ কিয়নো ৰাজপথ সম্প্ৰসাৰণৰ খাতিৰত গছ জোপা কাটি পেলালেই আশ্ৰয়হীন হৈ পৰিব বহুবছৰ ধৰি গছডালত আশ্ৰয় লৈ অহা বৰটোকোলাৰ এই সাতটাকৈ পৰিয়াল ৷
স্থানীয় ৰাইজে আশংকা কৰিছে যে ৰাজপথ সম্প্ৰসাৰণৰ অজুহাতত গছডাল নিশ্চয়কৈ কাটি পেলোৱা হ'ব আৰু গছডাল কাটি পেলোৱাৰ পাছতে ঠিকনা হেৰুৱাব কণ কণ পোৱালিৰে সৈতে গছডালত আশ্ৰয় লৈ থকা বৰটোকোলাৰ সাতটাকৈ পৰিয়ালে ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়ে যে দুষ্প্ৰাপ্য বৰটোকোলাৰ সুচল বাসস্থান হিচাপে বিগত বহু বছৰ ধৰি সকলোৰে পৰিচিত গছ জোপাত বৰ্তমান বৰটোকোলাৰ সাতটা পৰিয়ালে বাহ সাজি আছে ৷ স্থানীয় ৰাইজৰ মন্তব্য বাটৰ বাটৰুৱাৰ লগতে দেশী-বিদেশী পৰ্যটককো আকৰ্ষিত কৰি অহা এই গছজোপা যদিহে আনুসাংগিক দিশ সমূহ বিবেচনা নকৰাকৈ কাটি পেলোৱা হয় তেন্তে বৃহত্তৰ অঞ্চলটোৰ পৰা এই দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰাইবিধ এদিন একেবাৰে নিঃশ্চিহ্ন হৈ যোৱাটো নিশ্চিত ৷