অসমত খিলঞ্জীয়াই সকলো অধিকাৰ হেৰুৱাইছেঃ মৃণাল হাজৰিকা - প্ৰাক্তন আলফা নেতা তথা খিলঞ্জীয়া মঞ্চ অসমৰ সদস্য সচিব মৃণাল হাজৰিকাৰ
NRCত অন্তৰ্ভুক্ত হৈছে বিদেশী নাম বাদ পৰিছে খিলঞ্জীয়া । নগাঁৱত খিলঞ্জীয়া মঞ্চ অসমৰ আলোচনা সভাত উপস্থিত প্ৰাক্তন আলফা নেতা মৃণাল হাজৰিকা।
![অসমত খিলঞ্জীয়াই সকলো অধিকাৰ হেৰুৱাইছেঃ মৃণাল হাজৰিকা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4376878-thumbnail-3x2-lpppp.jpg)
নগাঁও, 8 চেপ্তেম্বৰঃ অসমত খিলঞ্জীয়াই ক্ৰমান্বয়ে হেৰুৱাইছে সকলো অধিকাৰ । খিলঞ্জীয়া মঞ্চ নগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত আলোচনা সভাত এই অভিযোগ প্ৰাক্তন আলফা নেতা তথা খিলঞ্জীয়া মঞ্চ অসমৰ সদস্য সচিব মৃণাল হাজৰিকাৰ । দেওবাৰে নগাঁও প্ৰেছ ক্লাৱত খিলঞ্জীয়া মঞ্চৰ উদ্যোগত সুধাকণ্ঠ ড0 ভূপেন হাজৰিকাৰ জন্ম দিৱস উদযাপনৰ লগতে সকলো জাতীয়-জনগোষ্ঠীয় সংগঠনৰ এখন আলোচনা সভা অনুষ্ঠিত কৰে ৷ সভাত অসম চুক্তিৰ ৬ নং দফাৰ ওপৰত আলোচনা কৰে । সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন আলফা নেতা মৃণাল হাজৰিকাই সদ্য প্ৰকাশিত NRC সন্দৰ্ভতো মন্তব্য কৰে । NRC ৰ চূড়ান্ত তালিকাত বহু বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে স্বদেশীৰ নাম বাদ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে মৃণাল হাজৰিকাই । NRC ৰ পৰা বাদ পৰা খিলঞ্জীয়া লোকক বিদেশী ন্যায়ধিকৰণৰ বিপৰীতে চৰকাৰীভাবে NRC ত নাম অন্তৰ্ভুক্তিৰ দাবী জনায় ।