নগাঁও, 5 অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাহৰ মাজতে নগাঁৱৰ সৰু কন্দলিত বনৰীয়া গাহৰিৰ তাণ্ডৱ ৷ খাদ্যৰ সন্ধানত কাৰ্বি পাহাৰৰ পৰা ওলাই অহা এটা বনৰীয়া গাহৰীয়ে শনিবাৰে পুৱাৰে পৰা আতংকৰ সৃষ্টি কৰিছিল অঞ্চলটোত ৷ বিয়লি স্থানীয় ৰাইজে গাহৰিটোক খেদিবলৈ চেষ্টা কৰোতেই প্ৰবীণ গগৈ নামৰ এজন লোক সন্মুখত আহি পৰাৰ ফলত লোককজনক আক্ৰমণ কৰে গাহৰিটোৱে ৷
নগাঁৱত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত এজন - গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত প্ৰবীণ গগৈ
নগাঁৱৰ কন্দলিত বনৰীয়া গাহৰিৰ তাণ্ডৱ ৷ বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা প্ৰবীণ গগৈৰ অৱস্থা সংকটজনক
![নগাঁৱত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4662138-thumbnail-3x2-n.jpg)
নগাঁৱৰ কন্দলিত বনৰীয়া গাহৰিৰ তাণ্ডৱ
নগাঁৱৰ কন্দলিত বনৰীয়া গাহৰিৰ তাণ্ডৱ
উল্লেখ্য যে, গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত প্ৰবীণ গগৈক ততাতৈয়াকৈ নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ সম্প্ৰতি সংকটজনক অৱস্থাত আছে চিকিৎসাধীন লোকজন ৷