নগাঁও, 14 জুলাইঃ নগাঁৱৰ কামপুৰ বাৰেগোগাত ৰাইজৰ ৰোষত ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস ৷ মথাউৰি পৰিদৰ্শন কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল বিধায়কগৰাকী ৷ উল্লেখ্য যে বিগত কিছু দিন ধৰি অব্যাহত আছে কামপুৰত কপিলী নৈৰ তাণ্ডৱ ৷ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৫০ খন গাঁও প্লাবিত হৈছে কপিলী আৰু বৰপানী নৈৰ বানত ৷ বানাকান্তসকলে আশ্ৰয় ল'ব লগা হৈছে ওখ ঠাইত ৷ বিপজ্জনক অৱস্থাত আছে কামপুৰ বাৰেগোগাস্থিত কপিলীৰ মথাউৰি ৷ দীৰ্ঘদিন ধৰি কামপুৰবাসীয়ে কামপুৰ বাৰেগোগা মথাউৰি নিৰ্মাণৰ বাবে দাবী জনাই আহিছিল যদিও মথাউৰি নিৰ্মাণ নকৰিলে জল সম্পদ বিভাগে ৷
বন্যাৰ্তৰ ৰোষত বিধায়ক ডিম্বেশ্বৰ দাস
ৰহা সমষ্টি বিধায়ক ডিম্বেশ্বৰ দাসে মথাউৰিৰ অৱস্থাৰ পৰিদৰ্শন কৰিবলৈ আহোতে ৰাইজৰ ৰোষত পৰে | প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় বিধায়কগৰাকী ৷ ৰাইজে হাতত দা লৈ বাক-যুদ্ধত লিপ্ত হয় বিধায়কৰ লগত ৷
বন্যাৰ্তৰ ৰোষত বিধায়ক ডিম্বেশ্বৰ দাস
যাৰবাৰে দেওবাৰে কামপুৰ বাৰেগোগা ৰাইজে নিজে মথাউৰি প্ৰতিৰোধ কৰবলৈ ওলাই আহিল ৷ ইফালে ৰহা সমষ্টি বিধায়ক ডিম্বেশ্বৰ দাসে মথাউৰিৰ অৱস্থাৰ পৰিদৰ্শন কৰিবলৈ আহোতে ৰাইজৰ ৰোষত পৰে | প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় বিধায়কগৰাকী ৷ ৰাইজে হাতত দা লৈ বাক-যুদ্ধত লিপ্ত হয় বিধায়কৰ লগত ৷ আনহাতে, মথাউৰি ভাঙিলে কামপুৰৰ প্ৰায় ২০ খনৰো অধিক গাঁও জলমগ্ন হৈ পৰিব ৷ যাৰ বাবে শংকাত দিন অতিবাহিত কৰিছে কামপুৰৰ ৰাইজে ৷