অসম

assam

ETV Bharat / state

অসমত নিৰ্বাচনী কুচকাৱাজ জে.ডি.ইউ.ৰ

অসম বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যেই সাজু হৈছে প্ৰতিটো ৰাজনাতিক দল ৷ সমান্তৰালকৈ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল জে.ডি.ইউ.য়ে । নগাঁৱত সাংগঠনিক আলোচনা চক্ৰত ৰাষ্ট্ৰীয় নেতা ।

By

Published : Dec 22, 2020, 6:31 PM IST

nagaon jdu_meeting
অসমত নিৰ্বাচনী কুচকাৱাজ জে.ডি.ইউ.ৰ

নগাঁও, 22 ডিচেম্বৰ :অসম বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যেই কুচকাৱাজ আৰম্ভ কৰিছে নীতিশ কুমাৰৰ জে. ডি. ইউ.য়ে। মঙলবাৰে নগাঁৱৰ সাহিত্য ভৱনত দলটোৰ এক সাংগঠনিক আলোচনা চক্ৰ অনুষ্ঠিত হয় । আলোচনা চক্ৰত দলটোৰ দুই ৰাষ্ট্ৰীয় সম্পাদক সঞ্জয় বাৰ্মা আৰু ৰবীন্দ্ৰ সিং উপস্থিত থাকি দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰা সন্দৰ্ভত দলীয় কৰ্মীৰ সৈতে আলোচনা কৰে ।

অসমত নিৰ্বাচনী কুচকাৱাজ জে.ডি.ইউ.ৰ

অসমত দলটোৰ সদস্য ভৰ্তি অভিযানো আৰম্ভ কৰাৰ কথা উল্লেখ কৰে দলটোৰ ৰাষ্ট্ৰীয় নেতাই । আগন্তক নিৰ্বাচনত দলটোৱে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে দলটোৰ ৰাষ্ট্ৰীয় নেতাই ৷


লগতে পঢ়ক: সংখ্যাগৰিষ্ঠ দলে প্ৰথমে সুযোগ পাব বিটিএডিত চৰকাৰ গঠনৰ: ন্যায়ালয়

ABOUT THE AUTHOR

...view details