নগাঁও,24অক্টোবৰঃ ড্ৰাগচ আসক্ত যুৱকক ড্ৰাগছ সেৱনত বাধা প্ৰদান কৰাৰ বাবেই ধ্বংসস্তূপত পৰিণত হ'ল নগাঁৱৰ হুজ ৰঙাগড়া পঞ্চায়ত কাৰ্যালয় । একাংশ ড্ৰাগছ আসক্ত যুৱক আৰু তেওঁলোকৰ পৰিয়ালে ভাঙি-চিঙি লণ্ডভণ্ড কৰিলে পঞ্চায়ত কাৰ্যালয়ৰ আচবাব ।
নগাঁৱৰ হুজ ৰঙাগড়া পঞ্চায়তত ড্ৰাগছ আসক্ত যুৱকৰ তাণ্ডৱ - ভাঙি-চিঙি লণ্ডভণ্ড
নগাঁও সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হুজ ৰঙাগড়া পঞ্চায়ত কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত হৈছিল এখন গাঁওসভা। এই গাঁওসভা অনুষ্ঠিত হৈ থকাৰ সময়তে কাষৰে এখন শ্মশানত ড্ৰাগছ সেৱন কৰি আছিল একাংশ উদণ্ড যুৱকে। গাঁওসভাৰ লোকসকলে এজন ড্ৰাগচ আসক্তক ধৰি আনি বাধা প্ৰদান কৰাৰ পিছতেই উত্তপ্ত হৈ পৰে অঞ্চলটোৰ পৰিস্থিতি।
শনিবাৰে দিন-দুপৰতে সংঘটিত হয় এই কাণ্ড। অভিযোগ অনুসৰি নগাঁও সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হুজ ৰঙাগড়া পঞ্চায়ত কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত হৈছিল এখন গাঁওসভা। এই গাঁওসভা অনুষ্ঠিত হৈ থকাৰ সময়তে কাষৰে এখন শ্মশানত ড্ৰাগছ সেৱন কৰি আছিল একাংশ উদণ্ড যুৱকে। গাঁওসভাৰ লোকসকলে এজন ড্ৰাগছ আসক্তক ধৰি আনি বাধা প্ৰদান কৰাৰ পিছতেই উত্তপ্ত হৈ পৰে অঞ্চলটোৰ পৰিস্থিতি।
আনহাতে ড্ৰাগছ আসক্ত একাংশ যুৱক আৰু তেওঁলোকৰ পৰিয়ালে আহি ভাঙি-চিঙি লণ্ডভণ্ড কৰে পঞ্চায়ত কাৰ্যালয়টো। ইয়াতে ক্ষান্ত নাথাকি দা-লাঠি লৈ অহা উন্মত্ত দলটোৱে প্ৰহাৰো কৰে এজন ব্যক্তিক। এনেদৰে এটা চৰকাৰী কাৰ্যালয়ত ড্ৰাগছ আসক্তই গুণ্ডাগিৰি প্ৰদৰ্শন কৰাৰ ঘটনাক নগাঁৱৰ বিভিন্নজনে গৰিহণা প্ৰদান কৰিছে ৷ ইতিমধ্যে এই সন্দৰ্ভত গাঁও পঞ্চায়তৰ কৰ্তৃপক্ষই স্থানীয় আৰক্ষীক লিখিত অভিযোগ দাখিল কৰিছে ।
লগতে পঢ়কঃ ক’ভিড-19ৰ নীতি নিয়মৰ মাজেৰে মহানগৰীৰত মহাষ্টমীৰ পূজা সম্পন্ন