নগাঁও, 24 নৱেম্বৰ : সদ্য প্ৰয়াত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই ভংগ কৰিলে নগাঁৱৰ অনশন। নগাঁৱৰ বঢ়মপুৰৰ মিকিৰ বামুনি গ্ৰাণ্টৰ ৰায়তীৰ তিনিশ বিঘা কৃষিভূমি এটা ব্যক্তিগত কোম্পানীক প্ৰদান কৰা কাৰ্য্যৰ বিৰুদ্ধে নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয় সমীপত সোমবাৰৰ পৰা আমৰণ অনশন কাৰ্য্যসূচী গ্ৰহণ কৰিছিল নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতিয়ে।
প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জনাই নগাঁৱত ভংগ আমৰণ অনশন
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই নগাঁৱত ভংগ কৰিলে আমৰণ অনশন। জিলা প্ৰশাসনৰ সৈতে হোৱা আলোচনাৰ পিছতেই কমলা খাই ভংগ কৰিলে আমৰণ অনশন। উল্লেখ্য যে, নগাঁৱৰ বঢ়মপুৰৰ মিকিৰ বামুনি গ্ৰাণ্টৰ ৰায়তীৰ তিনিশ বিঘা কৃষিভূমি এটা ব্যক্তিগত কোম্পানীক প্ৰদান কৰা কাৰ্য্যৰ বিৰুদ্ধে নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয় সমীপত সোমবাৰৰ পৰা আমৰণ অনশন কাৰ্য্যসূচী গ্ৰহণ কৰিছিল নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতিয়ে।
মিকিৰ বামুনিৰ স্থানীয় লোকৰ সহযোগত ৰূপায়ন কৰা আমৰণ অনশনৰ দ্বিতীয় দিনা জিলা প্ৰশাসনৰ সৈতে হোৱা আলোচনাৰ পিছত কমলা খাই ভংগ কৰে অনশন। ৰায়তী খতিয়ানৰ নকল প্ৰতিলিপি বিচাৰি কেইবাবাৰো আবেদন কৰাৰ পিছতো ৰায়তী খতিয়ান প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছিল প্ৰতিবাদকাৰীয়ে। মঙলবাৰে জিলা প্ৰশাসনে আগন্তক ২০ দিনৰ সময় বিচৰাত অনশন ভংগ কৰিবলৈ সন্মত হয় প্ৰতিবাদকাৰী। অনশনস্থলীত সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে।
লগতে পঢ়ক: কোলাত কেঁচুৱা লৈ ভূমি বিচাৰি নগাঁৱত আমৰণ অনশন মহিলাৰ