নগাঁও, 22মে': কৰ'ণাৰ ভয়াৱহ পৰিস্থিতিৰ বাবে প্ৰয়োজনীয় কামতো ঘৰৰ পৰা ওলাবলৈ ভয় আৰু আতংকৰ সৃষ্টি হৈছে এতিয়া একাংশৰ মাজত । কিন্তু ক'ভিড ১৯ ৰ এনে ভয়াৱহ পৰিস্থিতিৰ মাজতো মুকলি আকাশৰ তলৰ পদপথত চিৰা-মুড়ি খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে নগাঁৱৰ এহাল বৃদ্ধ দম্পতিয়ে। বিশেষভাৱে সক্ষম স্বামীক হুইল চেয়াৰত বহুৱাই ৰাইজৰ পৰা বিচাৰিছে সহায় ভিক্ষা ৷
স্বামীক পুৱাই এখন হুইল চেয়াৰত বহুৱাই পত্নী ওলাই যায় লোকৰ ঘৰৰ দুৱাৰে দুৱাৰে । ক’ভিড ১৯ ৰ ভয়াৱহ সময়ত মুখত মাস্ক পৰিধান কৰি এমুঠি অন্ন যোগাৰৰ সন্ধানত ওলাই যায় এই দম্পতি ।
দুপৰীয়া ১২ বজাৰ পৰাই ৰাজ্যত জাৰি হৈ আছে সান্ধ্য আইন । চৰকাৰে জাৰি কৰা সান্ধ্য আইনৰ প্ৰতি লক্ষ্য ৰাখি ১২ বজাৰ পূৰ্বেই আহি উপস্থিত হয় নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত পঞ্জীয়কৰ কাৰ্যালয়ৰ সমীপৰ এক নিৰ্দিষ্ট স্থানত । কৰ'ণা মহামাৰীয়ে সৃষ্টি কৰা আতংকৰ মাজতেই এতিয়া মুকলি আকাশৰ তলৰ পদপথত দিন অতিবাহিত কৰিবলগীয়া হৈছে এই দম্পতিয়ে ।