অসম

assam

ETV Bharat / state

হাতী বন্ধুৰ বিশেষ পদক্ষেপে উপকৃত কৰিছে 25 খন গাঁৱৰ ৰাইজক - হাতী বন্ধু সংগঠন বাতৰি

নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলত হাতী মানুহ সংঘাত ৰোধৰ বাবে দুলু বৰা আৰু তেখেতৰ পত্নী মেঘনা ময়ূৰ হাজৰিকাই গ্ৰহণ কৰা বিশেষ পদক্ষেপে উপকৃত কৰিছে প্ৰায় 25 খনকৈ গাঁৱৰ ৰাইজক ৷

as_ngn_01_hati_bandhu_vis_7203829
হাতী বন্ধুৰ বিশেষ পদক্ষেপে উপকৃত কৰিছে 25 খন গাঁৱৰ ৰাইজক

By

Published : Nov 21, 2020, 8:09 PM IST

নগাঁও,21 নৱেম্বৰঃ ইতিবাচক চিন্তাৰে হাতী মানুহৰ সংঘাত ৰোধৰ উদ্দেশ্যে গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ ভূঞাৰ পৃষ্ঠপোষকতাত আৰু প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ প্ৰচেষ্টাত গঢ় লৈছিল হাতী বন্ধু নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটো ৷ নগাঁও কাৰ্বি আংলং সীমান্তত হাতীৰ বাবে বিগত তিনিমাহে খেতি কৰাত ব্যস্ত দুলু বৰা আৰু তেখেতৰ পত্নী মেঘনা ময়ূৰ হাজৰিকা ৷ প্ৰকৃতিপ্ৰেমী দম্পত্তিহালৰ এই প্ৰচেষ্টাই চহা কৃষকৰ মুখত পুনৰ বিৰিঙাই তুলিছে হাঁহি ৷

হাতী বন্ধুৰ বিশেষ পদক্ষেপে উপকৃত কৰিছে 25 খন গাঁৱৰ ৰাইজক

নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী এই অঞ্চলটোত হাতী মানুহৰ সংঘাত ৰোধৰ বাবে দম্পত্তীহালৰ এই প্ৰচেষ্টা সন্দৰ্ভত পূৰ্বে ইটিভি ভাৰতে প্ৰকাশ কৰিছিল এক প্ৰতিবেদন ৷ অৱশেষত বন্যহস্তীৰে এই সহাৱস্থানৰ অন্ত পৰিল দুলু দম্পত্তীৰ ৷ কাৰণ নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী এই অঞ্চলত কৃষকে এইবাৰ চপাবলৈ সক্ষম হৈছে পথাৰৰ সোণগুটি। প্ৰতিবছৰৰ দৰে খেতিপথাৰ বিনষ্ট কৰিবলৈ নামি অহা নাই জাকে জাকে বনৰীয়া হাতী ৷

দুলু দম্পত্তীয়ে বাস কৰা টঙি ঘৰ

বিগত বৰ্ষত নগাঁও-কাৰ্বি আংলং সীমান্তৰ প্ৰায় দুশ বিঘা পাহাৰীয়া ভূমিত ধান খেতি কৰি কৃষকক কিছু সকাহ দিবলৈ সক্ষম হৈছিল হাতী বন্ধুৱে ৷ এইবেলি পুনৰ ৰাইজৰ সহযোগত হাতীখুলি ৰংহাং গাঁৱৰ দুশ বিঘা মাটিত ধান খেতি কৰাৰ উপৰিও পাহাৰীয়া অঞ্চলৰ চাৰিশ বিঘা ভূমিত হাতীৰ বাবে নেফিয়াৰ ঘাঁহ,ঝাড়ু ,ঔটেঙা আদিৰ খেতি কৰে সংগঠনটোৱে ৷ যাৰ ফলত বিগত তিনিমাহে পৰ্যাপ্ত খাদ্য পোৱাত পাহাৰৰ পৰা ভৈয়ামলৈ নামি অহা নাই হাতীৰ জাক। হাতী মানুহৰ সংঘাত ৰোধৰ প্ৰচেষ্টা এইবেলি পূৰ্ণৰূপে সফল হোৱা বুলি জনায় দুলু বৰাৰ পত্নী মেঘনা ময়ূৰ হাজৰিকাই ৷

নেফিয়াৰ ঘাঁহ

আনহাতে এই তিনিটা মাহে নিজ ঘৰৰ পৰা আঁতৰি পাহাৰৰ টঙি ঘৰতে কটাই হাতীৰ অৱস্থান নিৰীক্ষণ কৰি আছিল দুলু দম্পত্তীয়ে ৷ প্ৰকৃতিপ্ৰেমী এই দম্পত্তীৰ প্ৰচেষ্টাই চহা কৃষকৰ মুখত পুনৰ বিৰিঙাই তুলিছে হাঁহি ৷ হাতী মানুহৰ সংঘাত ৰোধৰ এই প্ৰচেষ্টাক একেমুখে শলাগিছে কৃষক ৰাইজৰ লগতে সচেতন মহলে।

লগতে পঢ়ক-বন্যহস্তীৰ বাবে ধান, নেফিয়াৰ, ঔটেঙাৰ খেতি দুলু বৰাৰ

ABOUT THE AUTHOR

...view details