নগাঁও, 5 জুলাই : এটা দিন পূৰ্বে ই টি ভি ভাৰতত সম্প্ৰচাৰ হৈছিল এটা বিশেষ বাতৰি । নগাঁৱৰ হৰি দাস নামৰ এজন যুৱকে পিতৃ বিয়োগৰ বেদনা বুকুত লৈয়েই পুৱাৰ ভাগত নগাঁৱৰ ৰাজপথত বগা সাজ পৰিধান কৰি আৰু খালি ভৰিৰে চাইকেলৰ কেৰিয়াৰত খবৰ কাগজ কঢ়িয়াই মানুহৰ ঘৰে ঘৰে বিলাই আছিল ৷ এই পেপাৰ বিলাই থকাৰ বাতৰি প্ৰচাৰ হৈছিল ই টি ভি ভাৰতত । জীয়াই থকাৰ হেঁপাহ আৰু পেটৰ তাড়নাত হৰি দাসে পিতৃৰ বিয়োগৰ তিনি দিনৰ পাচৰে পৰা খালি ভৰি আৰু বগা সাজেৰে পেটত ভোক লৈ বিলাই গৈছিল খবৰ কাগজ ।
ই টি ভি ভাৰতত এই বাতৰি প্ৰচাৰ হোৱাৰ পিচতেই বুধবাৰে হৰি দাসৰ পিতৃ প্ৰহ্লাদ দাসৰ বিয়োগৰ ১০ দিনৰ দিনা সাংবাদিক সকলৰ কল্যাণৰ অৰ্থে গঠন হোৱা অসম সাংবাদিক কল্যাণ ন্যাসৰ উদ্যোগত আৰু দৈনন্দিন বাৰ্তা গোষ্ঠীৰ মাতৃ সংগঠন আলোকপ্ৰভঞ্জন ৱেল ফেয়াৰ চ’চাইটিৰ সহযোগত নগাঁৱৰ এটি প্ৰতিনিধি দলে বুধবাৰে নগাঁৱৰ পলি পথৰ আনন্দ নগৰ নিৱাসী হৰিৰ বাসগৃহত উপস্থিত হয় । হৰি দাসৰ বাসগৃহত উপস্থিত হৈ সাংবাদিক কল্যাণ ন্যাসৰ প্ৰতিনিধি দলটোৱে হৰি দাসলৈ আগবঢ়াই কিছু আৰ্থিক সাহায্য ।