অসম

assam

কৰ'ণাৰ আতংকৰ মাজতে গৰু বিহুৰ আয়োজন নগাঁৱত

By

Published : Apr 13, 2020, 12:07 PM IST

নগাঁৱৰ পুৰণিগুদাম চলচলী জলাহগাৱঁৰ ৰাইজে, গৰু বিহুৰ দিনা পুৱাই পৰম্পৰা ৰক্ষা কৰি সামাজিক দূৰত্ব বজাই সমীপৰে কাঠনিৰ পৰা চিঙিছে মাখিয়তী পাত ।

nagaon goru bihu celebration
nagaon goru bihu celebration

নগাঁও, 13 এপ্ৰিলঃ ব'হাগৰ বতৰতো কৰ'ণা ভাইৰাছৰ ত্ৰাসে, অসমীয়াৰ মাজত হেঁপাহৰ ৰঙালী উদযাপনত আনিছে সীমাবদ্ধতা । আজি গৰু বিহুৰ পুৱাৰ ভাগতো নিজৰ গৰু হালক সীমিত নিয়ম পালনেৰে ঘৰতে নোৱাইছে। ৰঙালী বিহুৰ পূৰ্বৰ উচাহ নাথাকিলেও নগাঁৱৰ পুৰণিগুদাম চলচলী জলাহগাঁৱৰ ৰাইজে, গৰু বিহুৰ দিনা পুৱাই পৰম্পৰা ৰক্ষা কৰি সামাজিক দূৰত্ব বজাই সমীপৰে কাঠনিৰ পৰা চিঙিছে মাখিয়তী পাত । পৰম্পৰা অনুসৰি, সন্ধিয়া গৰুৰ গাত ফুৰাবলৈ প্ৰয়োজন হয় এই মাখিয়তী পাতৰ । মাখিয়তী পাত ছিঙা স্থানতেই এগৰাকী লোকে বিহু গাই কৰ'ণা ভাইৰাছৰ ভয়াৱহতা তথা ইয়াৰ বিৰুদ্ধে সজাগতা সৃষ্টি প্ৰয়াস কৰে ।

কৰ'ণাৰ আতংকৰ মাজতে গৰু বিহুৰ আয়োজন নগাঁৱত

ABOUT THE AUTHOR

...view details