নগাঁও,১০ ডিচেম্বৰ :ভাৰতৰ লগতে বিদেশতো অসমৰ যুৱক-যুৱতীৰ সফলতা অৰ্জনৰ ধাৰা অব্যাহত আছে । সাহিত্য, ক্ৰীড়া, বিজ্ঞান সকলো দিশত অসমৰ নাম উজলাইছে বহু যুৱক-যুৱতীয়ে । বাকী জিলাসমূহৰ লগতে নগাঁও জিলাখনৰো নাম উজলাইছে বহু নগাঁৱৰ সন্তানে । ইয়াৰ মাজতে এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল আন এগৰাকী নগাঁৱৰ যুৱতী । এইবাৰ সৰ্বভাৰতীয় চিত্ৰ অংকন প্ৰতিযোগিতাত সফলতা লাভ কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে বেবেজীয়াৰ নির্মালী দাসে (Nagaon girl won gold medal in Drawing competition)। নগাঁৱৰ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী নিৰ্মালী দাসে চিত্ৰ অংকনৰ জৰিয়তে সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰিছে সোণৰ পদক ।
প্ৰত্যেক বছৰে সুৰনন্দন ভাৰতীয়ে (Surnandan Bharati) অনুষ্ঠিত কৰা এই বিশেষ প্ৰতিযোগিতাত ২০২১-২২ বৰ্ষৰ বাবে নগাঁৱৰ বেবেজীয়াৰ মিণ্টু দাস আৰু মিঠু দাসৰ কন্যা নিৰ্মালীয়ে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে । যোৱা ৪ ডিচেম্বৰত কলকাতাৰ জ্ঞান মঞ্চত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত উদীয়মান চিত্ৰশিল্পীগৰাকীক সোণৰ পদক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ।