নগাঁও, 6 মাৰ্চ: অতি কম বয়সতে চৰম দূৰ্যোগ নামি অহিছে চামগুৰিৰ পদুমণিৰ এজনী কণমানিৰ জীৱনলৈ । কৃস্তি দেৱী নামৰ কণমানিজনী পুৰণিগুদাম শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী । কিন্তু চলিত বছৰত বিদ্যালয়ৰ পদূলি গছকিবলৈও অপাৰগ হৈ পৰিছে মেধাৱী ছাত্ৰী কৃস্তিয়ে। কণমানি জনী আক্ৰান্ত হৈছে মগজুৰ এটি জটিল ৰোগত ৷ ক্ৰমান্নয়ে দৃষ্টি শক্তিয়ো হেৰুৱাইছে কৃস্তিয়ে। ফলত চৰম ধুমুহা নামি আহিছে কণমানি জীৱনলৈ।
জীৱন যুঁজত হাৰ মানিব নোখোজা কৃস্তি....
নগাওঁ চহৰৰ UBI ৰ শাখাত থকা ০০৩১০১৩০৯৭৫৪৮ একাউণ্ট নম্বৰত ইচ্ছুক সদাশয় ব্যক্তিয়ে আৰ্থিক সাহাৰ্য প্ৰদান কৰি কণমানিজনীক জীৱন দান দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ অনুৰোধ জনাইছে কৃস্তিৰ মাতৃয়ে।
কৃস্তিত আৰোগ্য কৰিবলৈ চিকিৎসকে অতিশীঘ্ৰে জটিল অস্ত্ৰোপচাৰ পৰামৰ্শ প্ৰদান কৰিছে যদিও অস্ত্ৰোপচাৰৰ বাবে পৰ্যাপ্ত পৰমাণৰ ধন নাই দৰিদ্ৰ পৰিয়ালটোৰ হাতত ৷ প্ৰায় চাৰি লক্ষাধিক টকাৰ ব্যৱস্থা কৰিবলৈ অসমৰ্থ হৈ পৰা পৰিয়ালটো এতিয়া চৰম বিপাঙত পৰিছে ৷ উপায়হীন হৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসী ৰাইজক হাতজোৰ কৰি সহায় ভিক্ষা মাগিছে দুৰ্ভগীয়া পৰিয়ালটোৱে।
উল্লেখযোগ্য যে, ৰোগাগ্ৰস্থ কণমানি কৃস্তিৰ মাতৃ অনিমা দেৱীৰ নামত থকা নগাওঁ চহৰৰ UBI ৰ শাখাত থকা ০০৩১০১৩০৯৭৫৪৮একাউণ্ট নম্বৰত ইচ্ছুক সদাশয় ব্যক্তিয়ে আৰ্থিক সাহাৰ্য প্ৰদান কৰি কণমানিজনীক জীৱন দান দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ অনুৰোধ জনাইছে কৃস্তিৰ মাতৃয়ে।