অসম

assam

By

Published : Apr 16, 2020, 2:50 PM IST

ETV Bharat / state

দৰমহাৰ ধনেৰে আৰ্তজনক সহায়ৰ হাত বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ

ৰঙালীৰ দিনকেইটাত পৰিয়ালসমূহে যাতে খাদ্যৰ সংকটত দিন পাৰ কৰিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী পাৰ্কুপ বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমূহ বিষয়া-বনৰক্ষীয়ে ৷ নিজৰ দৰমহাৰ এটা অংশৰে প্ৰায় ডেৰ শতাধিক দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰে বনকৰ্মচাৰীসকলে ৷

Nagaon forest officials help poor people during countrywide lockdown
দৰমহাৰ ধনেৰে আৰ্তজনক সহায়ৰ হাত বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ

নগাঁও,16 এপ্ৰিলঃ দেশজুৰি ঘোষণা কৰা লক ডাউনৰ সময়ত নগাঁৱৰ দৰিদ্ৰ পৰিয়ালসমূহৰ কাষত উপস্থিত হয় একাংশ বন বিষয়া-কৰ্মচাৰী ৷ ৰঙালীৰ দিনকেইটাত এইসমূহ পৰিয়ালে যাতে খাদ্য সংকটত দিন পাৰ কৰিবলগীয়া নহয় তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি ওলাই আহে নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্ত্তী পাৰ্কুপ বন আঞ্চলিক বিষয়া কাৰ্যালয়ৰ সমূহ বিষয়া-বনৰক্ষী ৷ নিজৰ দৰমহাৰ এটা অংশৰে প্ৰায় ডেৰ শতাধিক দৰিদ্ৰ পৰিয়ালক খাদ্যৰ লগতে প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰে বন কৰ্মচাৰীসকলে ৷ ইয়াৰ উপৰিও সামগ্ৰী বিতৰণৰ সময়ত সামাজিক দূৰত্ব মানি চলাৰ বাবেও সকলো লোককে আহ্বান জনোৱা হয় ৷

দৰিদ্ৰৰ কাষত নগাঁৱৰ বন বিষয়া

আনহাতে, উদমাৰি উপ-খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কেশৱ শইকীয়া নামৰ এজন বনকৰ্মীয়ে পুৰণিগুদাম চলচলিৰ একাংশ দৰিদ্ৰ লোকক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ সাহায্য আগবঢ়োৱাৰ লগতে সকলোৰে আগত আঠু লৈ আশীষ বিচাৰে ৷ অঞ্চলটোৰ প্ৰায় শতাধিক দৰিদ্ৰ পৰিয়ালক এনেদৰে সহায় আগবঢ়ায় বনকৰ্মী গৰাকীয়ে ৷ দেশজুৰি জৰুৰীকালীনৰ এই সময়ছোৱাত এনেদৰেই সকলো লোকেই নিজ নিজ সামৰ্থ অনুসৰি দৰিদ্ৰ লোকসকলক সহায়ৰ হাত আগবঢ়াই অহা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক-টাইপত ভুল ! কাঁহ আৰু জ্বৰত আক্ৰান্ত ব্যক্তিক কৰ’ণাত আক্ৰান্ত ঘোষণা

ABOUT THE AUTHOR

...view details