অসম

assam

ETV Bharat / state

বন বিভাগৰ অভিযানত নগাঁৱত জব্দ অবৈধ কাঠফলা মিল - স্বত্বাধিকাৰী

নগাঁৱত জব্দ হৈছে অবৈধ কাঠফলা মিল ৷ বন সুৰক্ষা বিষয়া শ্বামিম আখতাৰৰ নেতৃত্বত শনিবাৰে বন বিভাগৰ এটা দলে অভিযান চলাই জব্দ কৰিলে দুটাকৈ অবৈধ কাঠফলা মিল ৷

Nagaon Forest Division seizes illegal Wood mil
বন বিভাগৰ অভিযানত নগাঁৱত জব্দ অবৈধ কাঠফলা মিল

By

Published : Sep 6, 2020, 9:47 AM IST

নগাঁও, 6 ছেপ্তেম্বৰ :নগাঁও বন বিভাগৰ এগৰাকী বিষয়াৰ নেতৃত্বত চলা এক অভিযানত বেলতলীৰ পৰা জব্দ কৰে দুটাকৈ অবৈধ কাঠফলা মিল ৷ নগাঁও আঞ্চলিক বন সুৰক্ষা বিষয়া শ্বামিম আখতাৰৰ নেতৃত্বত চলা এই অভিযানত দলটোৱে জব্দ কৰিলে দুটাকৈ অবৈধ কাঠফলা মিল ৷

তথ্য অনুসৰি, দীৰ্ঘদিনৰ পৰাই জিলাখনৰ বেলতলী আৰু কণা বজাৰত আব্দুল লতিফ আৰু ইব্ৰাহিম আলী নামৰ দুজন অসাধু লোকে দুটাকৈ মিল অবৈধভাবে চলাই আহিছিল ৷ অৱশেষত শনিবাৰে বন বিভাগৰ অভিযানত জব্দ হ'ল এই দুই অবৈধ কাঠফলা মিল ৷

বন বিভাগৰ অভিযানত নগাঁৱত জব্দ অবৈধ কাঠফলা মিল

বন বিভাগৰ দলটোৱে অভিযান চলোৱাৰ সময়ত স্থানীয় একাংশই অভিযানত বাধা প্ৰদানৰ চেষ্টা চলাইছিল যদিও ৰূপহীহাট আৰক্ষীৰ সহযোগত অবৈধ মিল দুটা জব্দ কৰিবলৈ সক্ষম হ'ল বন বিভাগৰ দলটোৱে । অৱশ্যে, অভিযানৰ মাজতে পলায়ন কৰিলে অবৈধ মিল দুটা চলাই থকা লতিফ আৰু ইব্ৰাহিম ৷

ইতিমধ্যে, বন বিভাগৰ লোকে এটা গোচৰ ৰুজু কৰি আৰক্ষীৰ সহযোগত পলাতক দুই ব্যক্তিৰ সন্ধান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : ৰাজনীতিলৈ যোৱা শিল্পী সকলৰ বিষয়ে কি ক'লে জনপ্ৰিয় শিল্পী মৃদুল ভূঞাই ?

ABOUT THE AUTHOR

...view details