নগাঁও, 30 জানুৱাৰী :নগাঁৱত শনিবাৰৰ পৰা আৰম্ভ হ'ল বেবী ফুটবল ফাউণ্ডেচনৰ উদ্যোগত প্ৰথমখন থলুৱা ফুটবল স্কুল ৷ সদৌ অসম বেবী ফুটবল ফাউণ্ডেচন আৰু টিউলিপ স্পৰ্টছ একেডেমিৰ যুটীয়া উদ্যোগত অসমৰ প্ৰথমখন ফুটবল স্কুল নগাঁৱত স্থাপন কৰা হৈছে ।
এই উপলক্ষে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত নগাঁও ক্ৰীড়া সন্থাৰ সহযোগত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানতে নগাঁও ফুটবল স্কুলখন শুভাৰম্ভ কৰে জ্যেষ্ঠ চিকিৎসক ডাঃ মুকুট গোস্বামী আৰু ডাঃ জয়ন্ত বৰুৱাই।