অসম

assam

কংগ্ৰেছৰ মহাজোঁট বন্ধনত সমৰ্থন নিদিয়ে ৰাইজৰ দলে: ভাস্কো ডি শইকীয়া

By

Published : Nov 18, 2020, 8:33 PM IST

নগাঁৱত ৰাইজৰ দলৰ কেন্দ্ৰীয় আহ্বায়ক সমিতিৰ কাৰ্যনিৰ্বাহক সভা । কংগ্ৰেছৰ মহাজোটবন্ধনক কোনো কাৰণত সমৰ্থন নিদিয়ে ৰাইজৰ দলে । অগপৰ বাহিৰে সকলো আঞ্চলিক দলক একত্ৰিত হবলৈ আহ্বান ৰাইজৰ দলৰ।

nagaon-executive-meeting
নগাঁৱত ৰাইজৰ দলৰ কাৰ্যনিৰ্বাহক সভা

নগাঁও,18 নৱেম্বৰ:নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পাচতেই ৰাজ্যত এতিয়া আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ ৷ ৰাজনৈতিৰ নেতাৰ পৰা আৰম্ভ কৰি নৱ-গঠিত দলসমূহে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ বুধবাৰে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যেৰে নগাঁৱত অনুষ্ঠিত হয় ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা ।

নগাঁৱত ৰাইজৰ দলৰ কাৰ্যনিৰ্বাহক সভা

নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ 126টা সমষ্টিৰ কমিটি গঠনৰ সংকল্প গ্ৰহণ কৰিছে ৰাইজৰ দলে । আগন্তক ডিচেম্বৰ মাহৰ ভিতৰতে আছুৰ নেতৃত্বত গঠিত হোৱা আঞ্চলিক দল এজেপিৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক ভাস্কো ডি শইকীয়াই ৷

অন্য এক খবৰৰ বাবে: দৰঙত জুবিন গাৰ্গৰ উদযাপন 48 সংখ্যক জন্মদিন

আনহাতে,অগপৰ বাহিৰে ৰাজ্যৰ প্ৰতিটো আঞ্চলিক দলক একত্ৰিত হ'বলৈ আহ্বান জনায় ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক ভাস্কো ডি শইকীয়াই । কংগ্ৰেছৰ মহাজোট বন্ধনক ৰাইজৰ দলে সমৰ্থন নিদিয়ে বুলি উল্লেখ কৰি আগন্তক নিৰ্বাচনত কংগ্ৰেছ,এ আই ইউ ডি এফৰ লগতে বিজেপি-অগপৰ বিৰুদ্ধেও যুঁজ দিয়া হ'ব বুলি মন্তব্য কৰে ৰাজ্যিক আহ্বায়ক গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details