নগাঁও,২৭ফেব্ৰুৱাৰী: পৰীক্ষা কেন্দ্ৰত চি চি কেমেৰা স্থাপন কৰিও ৰোধ কৰিব পৰা নাই নকল । নগাওঁ-মৰিগাঁও জিলাৰ সীমান্তৰ এটা পৰীক্ষা কেন্দ্ৰত খোদ শিক্ষকেই পৰীক্ষাৰ্থীক নকল যোগান ধৰাৰ অভিযোগ ।
নগাঁৱত অসৎ উপায়েৰে পৰীক্ষাত বহা পাঁচ শিক্ষাৰ্থীক নিলম্বন
মৰিগাঁও উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন
উল্লেখ্য যে সদ্য চলিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মাজতে বুধবাৰে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা আৰু আৰক্ষী অধীক্ষকে বটদ্ৰৱা সমষ্টিৰ পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় । কিন্তু বিদ্যালয়খনত উপস্থিত হৈয়ে দমে দমে পৰি থকা নকল চকুত পৰাত আচম্বিত হৈ পৰে জিলা উপায়ুক্ত গৰাকী । ইপিনে অসৎ উপায় অৱলম্বন কৰি পৰীক্ষাত অৱতীৰ্ণ কৰা বাবে পাঁচ গৰাকীকৈ পৰীক্ষাৰ্থীক বহিস্কাৰ কৰা হয় । লগতে পৰীক্ষাৰ দায়িত্বত থকা দুজন শিক্ষককো নিলম্বন কৰা হয় ।