নগাঁও, 5 মে' :নগাঁৱৰ বঢ়মপুৰৰ জৰাজীৰ্ণ চালিৰ তলত জীৱন কটোৱা আইতাগৰাকীৰ মুখত আজি হাঁহি বিৰিঙিছে । কাৰণ সেই ভঙা জুপুৰীত আৰু থাকিব নালাগে এইগৰাকী আইতা । কালিলৈকে এক অবৰ্ণনীয় পৰিৱেশত জীৱন অতিবাহিত কৰিছিল বঢ়মপুৰৰ বামুনী গাওঁ পঞ্চায়তৰ ধনতোলা গাঁৱৰ পুতুমাই ঘাটোৱাল নামৰ ৯০ উৰ্ধৰ এইগৰাকী আইতাই। বতাহ-বৰষুণকো নেওচি ভঙা চালিখনৰ তলত বসবাস কৰা আইতা আৰু এতিয়া কষ্টত থাকিব নালাগে ।
এইগৰাকী আইতাৰ কঠোৰ জীৱন সংগ্ৰামৰ বিষয়ে অৱগত হোৱাৰ পিচতেই আইতাগৰাকীৰ কাষত উপস্থিত হয় বিভিন্নজন। এক অকল্পনীয় যন্ত্ৰণাৰ মাজেৰে জীৱন অতিবাহিত কৰা আইতাগৰাকীৰ কাষত মঙলবাৰে উপস্থিত হয় সমষ্টিটোৰ কংগ্ৰেছ নেতা তথা সমাজকৰ্মী সুৰেশ বৰা। প্ৰথমেই আৰম্ভ এটি গৃহ নিৰ্মাণৰ কাম । গৃহটো নিৰ্মাণ কৰাত সহায়ৰ হাত আগবঢ়ায় কংগ্ৰেছ নেতাগৰাকীয়ে ।