নগাঁও, 18 ডিচেম্বৰ: ক্ৰমাৎ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে নগাঁও ৷ প্ৰতিদিনে জিলাখনত বৃদ্ধি পাইছে ড্ৰাগছ সৰৱৰাহকাৰী আৰু সেৱনকাৰীৰ সংখ্যা ৷ কিন্তু এইপৰ্যন্ত ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই নগাঁও আৰক্ষী ৷ যাৰ বাবে এতিয়া নিজেই সজাগ হৈছে নগাঁৱৰ জনতা ৷ শুকুৰবাৰে নগাঁৱৰ খুটিকটিয়াত তিনি ড্ৰগছ সেৱনকাৰীক আটক কৰি আঠু কাঢ়িবলৈ দিয়ে অঞ্চলটোৰ ৰাইজে ৷
নগাঁৱত ড্ৰাগছ সেৱনকাৰীক কাণত ধৰাই আঠু কঢ়ালে ৰাইজে - নগাঁৱত ড্ৰাগছ সেৱনকাৰীক কাণত ধৰাই আঠু কঢ়ালে ৰাইজে
শুকুৰবাৰে নগাঁৱৰ খুটিকটিয়াত তিনি ড্ৰগছ সেৱনকাৰীক আটক কৰি আঠু কাঢ়িবলৈ দিয়ে ৰাইজে ৷ যুৱক তিনিজনৰ পৰা ড্ৰাগছ সেৱনত ব্যৱহৃত সামগ্ৰীয়ো উদ্ধাৰ কৰা হয় ৷
নগাঁৱত ড্ৰাগছ সেৱনকাৰীক কাণত ধৰাই আঠু কঢ়ালে ৰাইজে
উল্লেখ্য যে,শুকুৰবাৰে দিন দুপৰতে ড্ৰাগছ সেৱন কৰা অৱস্থাত প্ৰথমে এজন যুৱকক আটক কৰাৰ পিছত যুৱকজনৰ ভাষ্যৰ ভিত্তিত আন দুজনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হয় খুটিকটিয়াৰ ৰাইজে ৷ ৰাইজে ধৃত তিনি যুৱকক ৰাজপথত কাণত ধৰাই আঠু কঢ়োৱাৰ লগতে উত্তম মধ্যম শোধাই গতাই দিয়ে নগাঁও আৰক্ষীক। যুৱক তিনিজনৰ পৰা ড্ৰাগছ সেৱনত ব্যৱহৃত সামগ্ৰীয়ো উদ্ধাৰ কৰা হয় ৷
লগতে পঢ়ক-অভি-নীল হত্য়াকাণ্ডৰ হুবহু বৰ্ণনা তিনি চাক্ষুস সাক্ষীৰ