নগাঁও, 28 ডিচেম্বৰ : আৰক্ষীৰ ঘৰতো এতিয়া সুৰক্ষিত নহয় মহিলা । যৌতুকৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন হোৱাৰ পিছতো হ্ৰাস পোৱা নাই যৌতুকজনিত নিৰ্যাতনৰ ঘটনা । এইবাৰ নগাঁৱৰ এগৰাকী আৰক্ষী বিষয়াৰ ঘৰতে দৰঙৰ এগৰাকী মহিলা নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে । মহিলাগৰাকীয়ে এতিয়া ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষীৰ । দৰঙৰ দলগাঁৱৰ মধুপুৰৰ এগৰাকী মহিলাই ২০১৯ বৰ্ষৰ জানুৱাৰী মাহত বিবাহ পাশত আৱদ্ধ হৈছিল নগাঁৱৰ কাৱৈমাৰীৰ চাজুদ চৌধুৰীৰ সৈতে ।
আৰক্ষীৰ ঘৰতেই বোৱাৰী নিৰ্যাতনৰ অভিযোগ
আৰক্ষীৰ ঘৰতো সুৰক্ষিত নহয় মহিলা । যৌতুক বিচাৰি বিবাহিতাক নিৰ্যাতনৰ অভিযোগ । স্বামী, শহুৰ আৰু শাহুৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল ।
উত্থাপিত অভিযোগ অনুসৰি, বিবাহৰ পিছৰে পৰা মহিলাগৰাকীক স্বামী চাজুদ চৌধুৰী, শহুৰ মইনুল হক চৌধুৰী আৰু শাহুৱে যৌতুক বিচাৰি অমানুষিক নিৰ্যাতন চলাই আহিছে । কেৱল ইমানেই নহয় শহুৰ তথা আৰক্ষী বিষয়া মইনুল হক চৌধুৰীয়ে পিষ্টল দেখুৱাই ভয়-ভাবুকি প্ৰদান কৰাৰ উপৰিও ধাৰাবাহিকভাৱে বোৱাৰীৰ ওপৰত চলাই নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন হৈছে । শেহতীয়াকৈ অতিষ্ঠ হৈ পৰা মহিলাগৰাকীয়ে এতিয়া ন্যায় বিচাৰি কাষ চাপিছে নগাঁও আৰক্ষীৰ । ইতিমধ্যে মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত নগাঁও সদৰ থানাত ঘটনা সন্দৰ্ভত ৰুজু হৈছে ২৮১২/২০২০ নম্বৰৰ এক গোচৰ ।
লগতে পঢ়ক: নগাঁৱৰ ৭৮ বছৰীয়া বৃদ্ধাই লিখি উলিয়ালে অখিল গগৈৰ ওপৰত গ্ৰন্থ