অসম

assam

By

Published : Nov 2, 2019, 7:03 PM IST

ETV Bharat / state

অসমীয়া ভাষা ব্যৱহাৰ নকৰা চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান সন্মুখীন হ'ব দণ্ডৰঃ অসম সাহিত্য সভা

মাতৃভাষাত চৰ্চা অব্যাহত ৰখাৰ বাবে দেশৰ উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৰ আহ্বানক ধন্যবাদ অসম সাহিত্য সভাৰ । অসমীয়া ভাষা ব্যৱহাৰ নকৰা চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান দণ্ডৰ সন্মুখীন হ'ব লাগিব বুলি হুংকাৰ সাহিত্য সভাৰ ৷

Nagaon District Sahitya Sabha and Sankardev University organized book inaugration and seminar

নগাঁও,2 নৱেম্বৰঃ শুক্ৰবাৰে উত্তৰ-পূব গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মাতৃভাষাক প্ৰাধান্য দিবলৈ দেশৰ উপৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে জনোৱা আহ্বানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে অসম সাহিত্য সভাই । অসম চৰকাৰক সকলো ক্ষেত্ৰতে অসমীয়া ভাষা প্ৰয়োগ কৰাৰ বাবে জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰিবলৈ দেশৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা ব্যক্ত কৰে অসম সাহিত্য সভাই ।

শনিবাৰে নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী আৰু গ্ৰন্থৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰি এই কথা অৱগত কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে । গ্ৰন্থ সন্দৰ্ভত অনুষ্ঠিত হোৱা আলোচনাচক্ৰত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে গ্ৰন্থক ভগৱান বুলি অভিহিত কৰে । একমাত্ৰ ধৰ্ম গ্ৰন্থৰ মাধ্যমেৰেই ভগৱান অথবা আল্লাহক সাক্ষাৎ পোৱা যেন অনুভৱ কৰাৰ কথা উল্লেখ কৰি ৰাজবংশীয়ে কয় যে, গ্ৰন্থৰ মাধ্যমেৰেই ভগৱানৰ বিমূৰ্তৰূপ প্ৰতিফলিত হয় ।

নগাঁও সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী আৰু আলোচনা চক্ৰ

আগন্তক অসম সাহিত্য সভাৰ নিৰ্বাচনৰ পিছতেই অসমীয়া ভাষাৰ বাবে সাহিত্য সভাই এক নতুন অভিযান আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে সভাপতিগৰাকীয়ে । ভাষা জননীৰ মৃত্যু চাই থাকিব নোৱাৰো বুলিও উল্লেখ কৰি অসমীয়া ভাষা ব্যৱহাৰ নকৰা চৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে অনাগত দিনত দণ্ডৰ সন্মুখীন হ'ব লাগিব বুলিও এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰে সাহিত্য সভাই । শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তিনিখনকৈ অসমীয়া গ্ৰন্থ উন্মোচন কৰি ভাষণত অসমীয়া ভাষা এটা সাধাৰণ মাতৃভাষা নহয় বুলি উল্লেখ কৰি পৰমানন্দ ৰাজবংশীৰ মন্তব্য সংযোগী ভাষা অসমীয়া হৈছে সভ্যতা আৰু সংস্কৃতি ।

আনহাতে, অসম সাহিত্য সভাৰ দ্বাৰা স্থাপিত হ'বলগীয়া বহু প্ৰস্তাৱিত আদৰ্শ বিদ্যালয়সমূহ আগন্তক বৰ্ষৰ পৰা কাৰ্যকৰী হ'ব বুলিও মত ব্যক্ত কৰে সাহিত্য সভাৰ সভাপতি ড৹ পৰমানন্দ ৰাজবংশীয়ে ৷

আৰু পঢ়ক প্লাষ্টিক বর্জনৰ আহ্বান সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ

ABOUT THE AUTHOR

...view details