নগাঁও, 28 নৱেম্বৰ :কৃষক আইন বাতিল কৰিবলৈ বাধ্য কৰাৰ দৰেই মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ বাধ্য কৰোৱাৰ উদ্দেশ্যে কংগ্ৰেছে আৰম্ভ কৰিছে জনজাগৰণ যাত্ৰা(Congress Jana Jagaran Yatra) । মূল্যবৃদ্ধি হ্ৰাস নকৰিলে দিল্লীৰ কৃষক আন্দোলনৰ দৰেই আন্দোলন গঢ়ি তোলাৰ হুংকাৰ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ ।
নগাঁও জিলা কংগ্ৰেছ(Nagaon District Congress)ৰ উদ্যোগত নগাঁৱত উলিওৱা হয় জনজাগৰণ যাত্ৰা । অত্যাৱশ্যকীয় সামগ্ৰী(Price Rise of Essential commodities)ৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উলিওৱা এই জনজাগৰণ যাত্ৰাত ৰকিবুল হুছেইনৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ যাত্ৰাৰ সময়ত বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে কংগ্ৰেছ কৰ্মী সকলে ৷