অসম

assam

By

Published : Jul 2, 2020, 9:12 PM IST

ETV Bharat / state

বৰষুণকো নেওচি মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

বৰষুণৰ মাজতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী । বৃহস্পতিবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি নগাঁৱৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা ডাঃ দুৰ্লভ চমুৱাই কলে, বিজেপিক কেৱল কংগ্ৰেছেহে কৰিব পাৰিব গাদীচ্যুত । পেট্ৰল ডিজেলৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰদ্ধে হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ ললে এন এছ ইউ আইৰ একাংশ কৰ্মীয়েওঁ ।

nagaon district congress protest against price hike
বৰষুণকো নেওচি মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

নগাঁও,২জুলাই:পেট্ৰল ডিজেলকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে নগাঁৱত প্ৰতিবাদত নামিল নগাঁও জিলা কংগ্ৰেছ । নগাঁও জিলা কংগ্ৰেছৰ সেৱাদল, মহিলা সেৱাদল আৰু ইয়ং বিগ্ৰেডৰ উদ্যোগত কংগ্ৰেছী নেতা-কৰ্মী সকলে সাব্যস্ত কৰে প্ৰতিবাদ । নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত কিনকিনিয়া বৰষুণৰ মাজতে চৰকাৰ বিৰোধী ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ নেতা-কৰ্মী সকলে ।

বৰষুণকো নেওচি মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰতিবাদত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই কলে, মূল্যবৃদ্ধিৰে জনসাধাৰণক মাধমাৰ দিয়া বিজেপি চৰকাৰক কেৱল কংগ্ৰেছেহে গাদীচ্যুত কৰিব পাৰিব । প্ৰতিবাদত অংশগ্ৰহণ কৰি ৰাজ্যিক এন এছ ইউ আইৰ মুখপাত্ৰ তানজিল হুছেইনেও কঠোৰ সমালোচনা কৰে বিজেপি শাসিত চৰকাৰখনক । চব কা চাথ চব কা বিকাশৰ কথা কোৱা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ দিনত কেৱল পুঁজিবাদীৰহে বিকাশ হোৱা বুলি মন্তব্য কৰে এন এছ ইউ আইৰ ৰাজ্যিক মুখপাত্ৰ তানজিল হুছেইনে ।

বৰষুণকো নেওচি মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details